মানৰ অসম আক্ৰমণ | Maan Invasion in Assam

Discover the comprehensive history of the Maan Invasion in Assam and delve into the details of the three significant Manchu invasions that impacted the region. This page offers an in-depth exploration of the Maan invasions, shedding light on their causes, impacts, and historical significance in Assam. Gain valuable insights and knowledge about this pivotal period in Assam’s history. Perfect for history enthusiasts and learners!

আলোচনা কৰোঁ আহক মানৰ অসম আক্ৰমণ আৰু তাৰ সম্পূৰ্ণ ইতিহাস। এই পেজত আপুনি মানৰ অসম আক্ৰমণৰ সম্পূৰ্ণ ইতিহাস আৰু মানৰ তিনিটা আক্ৰমণৰ ইতিহাস। আশা কৰোঁ পঢ়ুৱৈ সকল আমাৰ এই পদক্ষেপৰ পৰা উপকৃত হ’ব।

মানৰ অসম আক্ৰমণ

ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে মান বুলি কৈছিল আৰু ব্ৰহ্মদেশৰ ৰজাক মান ৰজা বুলি কোৱা হৈছিল। অসমৰ জাতীয় জীৱনৰ ইতিহাসত মানৰ অসম আক্ৰমণ এটা উল্লেখযোগ্য ঘটনা। কি পৰিস্থিতিত এই আক্ৰমণৰ সূত্রপাত হৈছিল সেই কথা বুজিবলৈ সেই সময়ৰ ৰাজনৈতিক পটভূমি বিচাৰ কৰি চাব লাগিব।

আহোম ৰজা গৌৰীনাথ সিংহৰ (১৭৮০-১৭৯৫) মৃত্যুৰ পিছত কমলেশ্বৰ সিংহ সিংহাসনত বহে। মোৱামৰীয়া বিদ্ৰোহৰ সুবিধা লৈ মান ৰজাই অসমৰ ৰাজনীতিত অনুপ্ৰৱেশৰ যত্ন কৰে। উজনিৰ বেংমৰাত (বৰ্তমানৰ তিনিচুকীয়া অঞ্চল) মোৱামৰীয়াসকলে আহোম ৰজাক আক্ৰমণ কৰোতে চিংফৌ আৰু মানসকলে তেওঁলোকক সহায় কৰিছিল। প্ৰথমতে মান ৰজাই তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। কেইবাবাৰো অনুৰোধ পাই অৱশেষত ৰজাই মোৱামৰীয়াসকলক সহায়ৰ বাবে মান সেনাক অসমলৈ পঠিয়াবলৈ স্থিৰ

কৰে। বিদেশী শক্তি ঘৰুৱা ৰাজনীতিত জড়িত হৈ পৰিলে দেশৰ স্বাৰ্থ বিপন্ন হ’ব বুলি আশংকা কৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে সদ্ভাব প্রতিষ্ঠাৰ উদ্দেশ্যে ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজৰ ভূখণ্ডক (মটক ৰাজ্য) স্বতন্ত্রভাবে শাসন কৰিবলৈ মোৱামৰীয়া মৰাণসকলক এৰি দিয়ে। এইদৰে মোৱামৰীয়াৰ প্ৰতি সম্ভাৱ প্ৰতিষ্ঠা কৰি তেওঁলোকৰ শাসনকর্তা সৰ্বানন্দক বৰসেনাপতি নিযুক্তি দিয়াত তেওঁলোক আহোম ৰাজশক্তিৰ প্ৰতি অনুগত হয়।
চিংফৌ আৰু খামতিসকলে মোৱামৰীয়া বিদ্রোহীৰ লগ হৈ আহোম ৰাজ্য আক্রমণ কৰাত বুঢ়াগোহাঁয়ে কূটনৈতিক কৌশল হিচাপে চিংফৌ নেতা বিচানাঙলৈ ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰু আগবঢ়াই সম্ভাৱ প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। পিছে বিচানাঙে ৰঙ্গিলীক নিজে নাৰাখি মান ৰজা বদৌপায়াক উপহাৰ হিচাপে দি সুসম্পৰ্ক ৰক্ষা কৰিছিল। পিছত এই ৰঙ্গিলীয়েই বদনক পূৰ্ণানন্দৰ বিৰুদ্ধে সহায় কৰিছিল।
কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে বংগদেশৰ বৰকান্দাজ সেনাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিলে। এই বিদ্ৰোহৰ বাবে নামনি অসমৰ আহোম শাসক বদনচন্দ্ৰ বৰফুকনক দায়ী বুলি তেওঁক ভাঙি পূর্ণানন্দ বৰগোহাঁয়ে কলীয়াভোমোৰাক বৰফুকন পাতিলে। এইবোৰ কথাই পূর্ণানন্দৰ প্ৰতি বদনক অসন্তুষ্ট কৰি তুলিছিল। কলীয়াভোমোৰাই দন্দুৱাদ্রোহ নামে বিখ্যাত হোৱা হৰদত্ত-বীৰদত্তৰ বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। আহোম ৰজাই এই সুকীৰ্তিৰ বাবে কলীয়াভোমোৰাক প্রতাপবল্লভ উপাধি প্রদান কৰে। জনা যায় যে এওঁ শিলঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন সাঁকো নিৰ্মাণৰ পৰিকল্পনা কৰি যো-জা চলাইছিল। তেওঁৰ মৃত্যুত এই কাম হৈ নুঠিল।

মানৰ অসম আক্ৰমণ


৪.২.১ পূর্ণানন্দ বুঢ়াগোহাঁইৰ প্রাধান্য:
পূর্ণানন্দ বৰগোহাঁইৰ জীৱিতকালত প্ৰশাসনৰ সকলো কথাতে তেওঁৰ প্ৰতিপত্তি সাব্যস্ত হৈছিল। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰা বাবে আহোম সাম্ৰাজ্যৰ বাঘজৰীডাল সম্পূৰ্ণৰূপে পূর্ণানন্দ বুঢ়াগোহাঁইৰ হাতলৈ গৈছিল। পূর্ণানন্দৰ স্বেচ্ছাচাৰী, দাম্ভিক স্বভাৱৰ বাবে দেশৰ লোকে তেওঁক ভাল পোৱা নাছিল। গেইটৰ মতে মোৱামৰীয়া বিদ্ৰোহৰ পিছত মহাপ্রতাপী কার্যদক্ষ বুঢ়াগোঁহাইৰ অক্লান্ত পৰিশ্ৰমৰ ফলত দেশত সুখ-শান্তি স্থাপিত হৈছিল। কিন্তু প্ৰজাৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিছিল। পূর্ণানন্দ বুঢ়াগোহাঁয়ে আহোম ৰাজ্যৰ মূল প্রশাসনিক ক্ষমতা নিজে লৈ দেশৰ শান্তি-শৃংখলা প্রতিষ্ঠা কৰাৰ হকে যথেষ্ট কৰিছিল, অৱশ্যে বুঢ়াগোহাঁই ডাঙৰীয়াই লোৱা ব্যৱস্থাৱলীয়ে আহোম ৰাজতন্ত্রক কিমান শক্তিশালী কৰিছিল সি বিচার্য বিষয়। সুদীর্ঘকাল বুঢ়াগোহাঁয়ে শাসনযন্ত্র কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰাত ৰাজ্যৰ কিছুমান বিষয়াই ভাল পোৱা নাছিল যদিও মুকলিভারে একো ক’ব পৰা নাছিল।
ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল। পূর্ণানন্দই স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিছিল। কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল। ১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূর্ণানন্দই চন্দ্রকান্ত সিংহ নামে কণমানি ল’ৰা এজনক আহোম ৰাজপাটত বহুৱায়। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী শাসন দেশৰ লোকে ভাল পোৱা নাছিল। ফলত তেওঁক শাসনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্র চলিছিল। দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এটা বিদ্রোহ সংগঠিত কৰিছিল। পানীমুৱা নামৰ এজন বিদ্রোহীয়ে এই বিদ্ৰোহৰ নেতৃত্ব দিছিল, সেইবাবে এই বিদ্রোহ পানীমুরা বিদ্রোহ হিচাপে জনাজাত। এই বিদ্রোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল।

আহোম ৰজা চন্দ্রকান্ত সিংহ ক্রমে সাবালক হৈ অহাৰ লগে লগে বুঢ়াগোহাঁইক ভাল নোপোৱা হৈছিল। সত্ৰাম নামে যুৱক এজনৰ সৈতে তেওঁৰ বৰ বন্ধুত্ব হৈছিল। তেওঁ সত্ৰামক চাৰিঙিয়া ফুকন খিতাপ দি ৰজাৰ ওচৰতে বহিবলৈ আসন দিছিল। সত্ৰামৰ ভেম দিনে দিনে বাঢ়ি গৈছিল আৰু তেওঁ কাকো নমনা হৈছিল। সকলো ক্ষমতা নিজৰ হাতলৈ নিবৰ কাৰণে বুঢ়াগোহাঁইক হত্যা কৰিবলৈ চেষ্টা চলাইছিল। কিন্তু আন ষড়যন্ত্ৰৰ দৰে এইবাৰো গোপন তথ্য ফাদিল হৈ পৰিল আৰু সকলো জগৰীয়া ষড়যন্ত্রকাৰীক ফাঁচী দিয়া হ’ল। সৎৰামে ৰজাৰ আশ্ৰয় লৈছিল যদিও তেওঁক নামৰূপলৈ নির্বাসন দিয়া হৈছিল। নামৰূপত তেওঁ নগা আততায়ীৰ হাতত প্রাণ হেৰুৱাইছিল।

দন্দুৱাদ্ৰোহত বদনচন্দ্ৰ বৰফুকন জড়িত থকাৰ সন্দেহৰ পিছৰ পৰাই পূর্ণানন্দ আৰু বদনৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। বদনক ভাঙি কলিয়াভোমোৰাক বৰফুকনো পতা হৈছিল। তদুপৰি পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে গম পালে যে সত্ৰামৰ বিদ্ৰোহতো বদন বৰফুকন জড়িত হৈ আছিল। পিছে পূর্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰেযানাথে বদনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰোৱাত বদন-পূৰ্ণানন্দৰ মাজৰ সম্পৰ্কত উন্নতি ঘটে। কলীয়াভোমোৰাৰ মৃত্যু হোৱাত সেয়ে বদনচন্দ্ৰক বৰফুকন পতা হয় যদিও বদন পুনৰ অত্যাচাৰী হৈ উঠিল। ধনলোভী বদনে কামাখ্যা, হাজো আদি মন্দিৰৰ সোণ-ৰূপ আত্মসাৎ কৰিছিল বুলি জনা যায়। ইয়াৰ উপৰি বদনে গুৱাহাটীৰ প্ৰজাবৰ্গৰ ওচৰত কৰা অত্যাচাৰৰ ফলত সাধাৰণ লোকৰ জীৱন দুর্বিষহ হৈ পৰিছিল। বুঢ়াগোহাঁয়ে স্বাস্থ্য হানিকৰ কানিৰ প্ৰচলন বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। বৰফুকনে সেই আদেশ পালন নকৰাত বুঢ়াগোহাঁই বাৰুকৈয়ে অসন্তুষ্ট হ’ল। এনেকৈয়ে বুঢ়াগোহাঁই আৰু বৰফুকনৰ মাজৰ বিদ্বেষ বাঢ়ি গ’ল।
অৱশেষত বদনৰ অত্যাচাৰে চৰম সীমা পোৱাত বুঢ়াগোহাঁয়ে তেওঁক পদচ্যুত কৰাৰ সিদ্ধান্ত ল’লে। পিজৌ গাভৰুৱে জানিব পাৰি এই বিষয়ে দেউতাকক বাতৰি দিয়াত বৰফুকন পলাই গৈ বঙ্গদেশত সোমাল। ৰংপুৰলৈ গৈ তাতে ডেভিদ স্কটক সাক্ষাৎ কৰে। তাৰ পিছত কলিকতালৈ যায়। পূর্ণানন্দ বুঢ়াগোহাঁইৰ বিৰুদ্ধে বদনচন্দ্রই নিজৰ আৰু ৰজা চন্দ্ৰকান্তৰ সমর্থনত ব্ৰিটিছৰ সামৰিক সাহায্য বিচাৰে। ব্রিটিছ গৱৰ্ণৰ জেনেৰেলৰ ওচৰত সামৰিক সাহায্য বিচাৰি কৰা আবেদনৰ সমৰ্থনত আহোম ৰজা চন্দ্ৰকান্তই দিয়া দুখন চিঠিও দাখিল কৰে। তেওঁৰ এনে আবেদন-নিবেদনে গৱৰ্ণৰ জেনেৰেলক টলাব নোৱাৰিলে। অন্য ৰাজ্যৰ আভ্যন্তৰীণ বিবাদত হস্তক্ষেপ নকৰে বুলি তেওঁ উত্তৰ দিলে। ব্ৰিটিছ চৰকাৰে পূৰ্ণানন্দৰ কৰ্তব্যনিষ্ঠাৰ বিষয়ে জানিছিল আৰু সেয়ে তেওঁৰ বিৰুদ্ধে বদনক সহায় কৰিবলৈ সন্মত নহ’ল।

ইতিমধ্যে বদন বৰফুকনে কলিকতাত থকা ব্ৰহ্মদেশৰ প্ৰতিনিধিজনক লগ ধৰিলে। ব্ৰিটিছৰ পৰা সহায়ৰ কোনো আশা নেদেখি বদনে এই প্রতিনিধিজনৰ সৈতে ব্ৰহ্মদেশৰ অমৰাপুৰলৈ গৈ মান ৰজাক সাক্ষাৎ কৰিলে। কেইবাটাও কাৰণত মান ৰজাই বদনক সহায় কৰিবলৈ সন্মত হ’ল। মান ৰজা আলং পায়াৰ দিনৰে পৰা ব্ৰহ্মদেশে ৰাজ্য সম্প্ৰসাৰণৰ বাবে অধিক যত্নপৰ হৈছিল। মান ৰজাৰ সাম্রাজ্যবাদী প্রচেষ্টা সীমামুৰীয়া মণিপুৰ আৰু কাছাৰলৈও বিস্তাৰিত হৈছিল। তেওঁৰ ৰাজ্যৰ পশ্চিমফালে ৰাজ্য বিস্তাৰ নীতি গ্রহণ কৰিছিল। ব্রহ্মদেশে আৰাকান দখল কৰি লাহে লাহে মণিপুৰৰ ওপৰত কেইবাবাৰো আক্ৰমণ কৰিছিল। মান ৰজাই পশ্চিম দিশে সম্প্ৰসাৰণ আঁচনি লৈ ব্ৰিটিছৰ বিৰুদ্ধে অসমক প্রধান সৈন্য শিবিৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছিল। মান বজা বদৌপায়াৰ আমোলত মান সেনাই আৰাকান জয় কৰি দখল কৰাৰ লগে লগে মান ৰজাই

মাৰগুই দীপপুঞ্জৰ পৰা চট্টগ্রাম বন্দৰলৈ সমগ্র বঙ্গোপসাগৰীয় উপকূল ৰেখাত প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়। প্রায় চল্লিশ হেজাৰ আৰাকানী লোক ব্ৰহ্মদেশৰ কঠোৰ শাসন আৰু শোষণত অতিষ্ঠ হৈ ইংৰাজ অধিকৃত বঙ্গদেশত আশ্রয় লৈছিল। এই শৰণাৰ্থীসকলক ব্ৰহ্মৰজা বদৌপায়াই ওভতাই পঠাবৰ বাবে ইংৰাজ চৰকাৰক হেঁচা দিছিল। কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নোহোৱাত শৰণাৰ্থীসকলক লৈ মান আৰু ইংৰাজৰ মাজত মনোমালিন্যই দেখা দিছিল।
এনে সময়তে বদনচন্দ্ৰই চন্দ্ৰকান্তৰ হৈ সহায় বিচৰাত মান ৰজাই ভালেই পালে। অৱশ্যে তেওঁ সদ্যহতে পোনপটিয়াকৈ অসম জয় কৰাৰ কথা নাভাবি পূর্ণানন্দৰ বিৰুদ্ধে বদনক সামৰিক সাহায্য দিয়াৰ সিদ্ধান্ত ল’লে। সম্ভবত তেওঁ প্রত্যক্ষ আক্ৰমণৰ বাবে অধিক সুবিধাজনক সময়লৈ বাট চালে। মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ বদন চন্দ্ৰৰ পেহীয়েক আছিল। তেওঁ বদনক সহায় কৰিবলৈ মান ৰজাক অনুৰোধ কৰিছিল। সেয়ে বদনচন্দ্ৰই মানৰ সহায় লাভ কৰাত সহজ হৈছিল।

বদন বৰফুকনে বদৌপায়াৰ সহায় লৈ ৮০০০ মান সেনা আৰু বাটত মানৰ কৰতলীয়া ৰজা কেইজনমানৰ পৰা আঠ হেজাৰ; মুঠ ১৬,০০০ সৈন্য লৈ পাটকাই পথেদি অসম সোমাল। মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূর্ণানন্দ বুঢ়াগোহাঁয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলোক ঘিলাধাৰীৰ যুদ্ধত পৰাজিত হয়। ঘিলাধাৰীত পূর্ণানন্দই পঠিওৱা সেনা বাহিনীৰ পৰাজয়ৰ বাতৰি পায়েই তেওঁ মৃত্যুমুখত পৰে। তেওঁৰ পুত্ৰ ৰুচিনাথক বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত কৰা হয়। ৰুচিনাথৰ গাত দেউতাকৰ গুণ নাছিল। এই চৰম বিপৰ্যয়ৰ দিনত আহোমক নেতৃত্ব দিব পৰা আন কোনো বিষয়াও নাছিল। মানসকলক ভেটা দিবলৈ ঠিক কৰা হ’ল। সৈন্য যোগাৰ কৰি দিহিঙৰ পূবে কঠালবাৰীত তেওঁলোকে মানৰ লগত যুঁজ দিয়ে আৰু এইবাৰো পৰাজিত হয়। যুদ্ধত পৰাজিত হৈ ৰুচিনাথে গুৱাহাটীলৈ পলায়ন কৰে।
মানসকলে যোৰহাট অধিকাৰ কৰিলে। বদনে যথাবিহিতভাবে নিজকে বৰফুকন বুলি ঘোষণা কৰিলে। নামত চন্দ্ৰকান্ত ৰজা হৈ থাকিল। এইবাৰ সকলো ক্ষমতা বদনে নিজৰ হাতলৈ নিলে। নুমলী ৰাজমাওয়ে বিস্তৰ আয়োজন কৰি ৰাজধানীত বদনক আদৰিছিল। তেতিয়াৰ পৰা বদনক প্ৰধানমন্ত্ৰী পাতি মন্ত্ৰী বৰফুকন নামে এটি নতুন পদবীৰে অলংকৃত কৰা হয়।
বদনৰ লগত মান সৈন্যৰ সৈতে দুজন বিশেষ মান লিপিকাৰো আহিছিল। তেওঁলোক দুয়োজনে বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে একোটাকৈ টোকা লিখি থৈ গৈছে। টোকা দুটা হ’ল- (১) বৈশালী হুকং (২) বৈশালী মুংডুন- চুন-খাম। মানসকল অতি কম সময়হে আহোম ৰাজ্যত আছিল। মানে চন্দ্ৰকান্তক ৰজা ৰাখিলে আৰু বদনচন্দ্রই তেতিয়া মান সেনাক অনেক ধন-সোণ আৰু অন্যান্য উপঢৌকন আগবঢ়াই মান বজালৈ থেমো আইদেউক উপহাৰ হিচাপে পঠালে।

মান সেনা প্রত্যাৱৰ্তনৰ পিছত বদনচন্দ্ৰ ৰাজ্যত সর্বেসর্বা হৈ পূর্ণানন্দ বুঢ়াগোহাঁইৰ সমর্থকসকলক অত্যাচাৰ কৰিবলৈ ল’লে। বৰবৰুৱা আৰু বৰফুকনৰ মাজত মতানৈক্য হয়। বদনৰ কাম-কাজত অতিষ্ঠ হৈ নুমলি ৰাজমাও আৰু কেইবাজনো বিষয়াই ষড়যন্ত্র কৰি ৰূপসিং নামৰ এজন চুবেদাৰৰ হতুৱাই বদন বৰফুকনক হত্যা কৰোৱাইছিল। চন্দ্রকান্তই গুৱাহাটীত থকা ৰুচিনাথ বুঢ়াগোহাঁইক তৎক্ষণাৎ এই হত্যাৰ বাতৰি দি যোৰহাটলৈ মাতি পঠিয়ায়। ৰুচিনাথে ৰজাক আস্থাত লোৱা নাছিল। তেওঁ বদনৰ লগতে চন্দ্ৰকান্তকো মানৰ আক্ৰমণৰ আৰু দেউতাক পূর্ণানন্দ গোহাঁইৰ মৃত্যুৰ বাবে জগৰীয়া কৰিছিল। ৰুচিনাথে ব্রজনাথ সিংহ আৰু তেওঁৰ পুতেক পুৰন্দৰ সিংহৰ লগত কিছুমান হিন্দুস্থানী চিপাহী লৈ যোৰহাটলৈ যাত্ৰা কৰে। চন্দ্রকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটি সৈন্য বাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। চন্দ্ৰকান্ত সিংহই প্ৰেৰণ কৰা উক্ত সেনা বাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হোৱাৰ লগতে সেনাপতি লুকু ডেকা ফুকন ৰণত নিহত হয়। চন্দ্রকান্তই ভয় খাই পলাই যোৱাত ৰুচিনাথে আহোম ৰজা ৰাজেশ্বৰ সিংহৰ নাতি ব্রজনাথক ৰজা হিচাপে ঘোষণা কৰিলে। কিন্তু তেওঁৰ অংগক্ষত হোৱা বাবে পুতেক পুৰন্দৰক ৰজা পতা হ’ল। ইয়াৰ পিছত চন্দ্ৰকান্তক ধৰি আনি তেওঁৰ সোঁকাণ কাটি অংগক্ষত কৰাত তেওঁ ৰজা হোৱাৰ যোগ্যতা হেৰুৱাইছিল আৰু তেওঁক তৰাতলিলৈ নির্বাসিত কৰা হৈছিল।

গতিকে দেখা যায় যে বদন বৰফুকনৰ হত্যা ইয়াৰ পিছৰ চন্দ্ৰকান্ত সিংহক সিংহাসনচ্যুত কৰা আৰু নিৰ্যাতনৰ ঘটনাই অসমৰ ৰাজনৈতিক পৰিস্থিতি অতি জটিল আৰু অস্থিৰ কৰি তুলিছিল। বদন হত্যাৰ পোতক তুলিবলৈ আৰু চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱাবলৈ আলুমিঙ্গিৰ নেতৃত্বত ব্রহ্ম ৰজাই ১৮১৯ খ্রীষ্টাব্দত এটি সৈন্য বাহিনী পঠাই দিয়ে। জাঁজীৰ ওচৰৰ ফুলপানী ছিগাত আহোম সেনাৰ লগত মান সেনাৰ প্রথম সংঘর্ষ হয়। প্রথমে আহোমে শত্রু দলক বাধা দিছিল যদিও পিছলৈ শত্রুক খেদিব নোৱাৰিলে। আহোম সৈন্য যোৰহাটলৈ উভতি অহাত মান সেনাই তেওঁলোকৰ পিছ ল’লে। ৰজা পুৰন্দৰ আৰু ৰুচিনাথ বুঢ়াগোহাঁই গুৱাহাটীলৈ পলাই গ’ল। মানসকলে চন্দ্ৰকান্তক পুনৰ সিংহাসনত বহুৱালে। বদনৰ এজন পুতেকক বৰফুকন আৰু পাতাল বৰুৱাক বৰবৰুৱা পাতিলে। চন্দ্ৰকান্তই পুৰন্দৰক ধৰিবলৈ গুৱাহাটীলৈ সৈন্য পঠোৱা বুলি জানি পুৰন্দৰ আৰু ৰুচিনাথে বঙ্গদেশলৈ গৈ ইংৰাজৰ আশ্রয় ল’লে। মিঙ্গিমাহা তিলোৱাৰৰ নেতৃত্বত এদল মান সেনা চন্দ্ৰকান্তৰ সহায়ৰ কাৰণে ৰাখি আলুমিঙ্গি ব্রহ্মদেশলৈ উভতি যায়।

চন্দ্ৰকান্ত পুনৰ ৰজা হৈ আগৰ অপমানৰ পোতক তুলিবলৈ পুৰন্দৰ সিংহ আৰু কচিনাথ বুঢ়াগোহাঁইৰ ফালৰ লোকসকলক ধৰি আনি শাস্তি দিলে। আনহাতে, পুৰন্দৰ সিংহ আৰু ৰুচিনাথে বাৰে বাৰে অনুৰোধ কৰা সত্ত্বেও ইংৰাজসকলে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি নাহিল। এই সময়ছোৱাত মানসকল প্রকৃত শাসনকর্তা হৈ উঠিল। মানৰ দ্বাৰা কৰোৱা অত্যাচাৰৰ নীৰৱ দৰ্শক হৈ আৰু মানৰ পাশবিকতাৰ স্বৰূপ উপলব্ধি কৰি স্বৰ্গদেউ চন্দ্রকান্তই মিঙ্গিমাহা যোৱাৰ পিছত পুনৰ যাতে মান অসমত সোমাব নোৱাৰে তাৰ বাবে প্ৰৱেশ পথত জয়পুৰত এটা গড় নিৰ্মাণৰ আয়োজন কৰে। চন্দ্রকান্তই পাতাল বৰবৰুৱাক এই দায়িত্ব দিছিল। ইতিমধ্যে বদৌপায়াৰ মৃত্যু হৈছিল। তেওঁৰ নাতি বাগদাও ব্ৰহ্মদেশৰ ৰজা হয়। তেওঁ বৰ নিষ্ঠুৰ প্ৰকৃতিৰ লোক আছিল। মানক ভেটিবৰ বাবে গড় নিৰ্মাণৰ বাতৰি পাই মানসকলৰ নতুন ৰজা বাগদাও টিঙিবিতুলা হৈ পৰিল আৰু সেনাপতি মিঙ্গিমাহা তিলোৱাৰ অধীনত মান সেনা পুনৰ অসমলৈ পঠালে। মিঙ্গিমাহা তিলোৱাই জয়পুৰত গড় সজা দেখি তাৰ তত্ত্বাৱধানত থকা পাতাল বৰবৰুৱাক হত্যা কৰিলে আৰু অন্যান্য আহোম সৈন্য বিলাকৰ ওপৰতো অত্যাচাৰ কৰাত তেওঁলোক পলাই গ’ল। এয়া আছিল ১৮২১ চনৰ মানৰ আক্ৰমণ। মানে আৰম্ভ কৰা অত্যাচাৰ আৰু কাৰ্যকলাপৰ সংবাদ পাই চন্দ্রকান্ত সিংহ গুৱাহাটীলৈ পলাই গ’ল। মানসকলে আহোম সৈন্যক পৰাস্ত কৰি যোৰহাট অধিকাৰ কৰিলে। মান সেনাপতিয়ে চন্দ্রকান্ত সিংহক উভতি আহিবলৈ কৈছিল যদিও চন্দ্রকান্ত উভতি নাহিল বৰঞ্চ ইংৰাজৰ ৰাজ্যতহে আশ্রয় ল’লেগৈ।

MCQ Practice. Click Here

১। মানৰ অসম আক্রমণে অসমত আহোমৰ ছশ বছৰীয়া ৰাজত্বৰ অৱসানৰ পথ মুকলি কৰি দিছিল।

২। আহোম স্বৰ্গদেউসকল অস্থায়ীভাবে হ’লেও ব্ৰহ্মদেশৰ ৰজাৰ তলতীয়া হৈ পৰিছিল।

৩। আহোম ৰজাসকল নামতহে ৰজা হৈ আছিল; তেওঁলোকৰ হাতত যি সামৰিক শক্তিৰ প্ৰয়োজন আছিল সকলোখিনি প্রায় শেষ হৈ আহিছিল। ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল। সিংহাসন প্রাপ্তিৰ বাবে চলা আভ্যন্তৰীণ সংঘাতে আহোম ৰাজতন্ত্ৰক দুৰ্বল কৰি পেলাইছিল। উপায় নাইকিয়া হৈ চন্দ্রকান্ত সিংহ বঙ্গদেশৰ ব্রিটিছ সাম্রাজ্যলৈ পলাই গৈছিল। পুৰন্দৰ সিংহয়ো ব্ৰিটিছ ৰাজ্যত আশ্ৰয় লৈ আছিল। দেশৰ ডা-ডাঙৰীয়াসকলে দেশ ৰক্ষা কৰাত সহায় কৰিব নোৱাৰিলে। মানৰ আক্রমণে অসমৰ উঁৱলি যোৱা শাসন ব্যবস্থা নিঃশেষ কৰি পেলালে।

4. মানৰ আক্রমণে অসমৰ অৰ্থনৈতিক অৱস্থা মষিমূৰ কৰিছিল। উৎপন্ন বস্তুৰ পৰিমাণ ভীষণভাৱে কমি গৈছিল, সদাগৰ-বেপাৰীসকলে বেপাৰ-বাণিজ্য বন্ধ কৰিছিল। মানৰ আক্ৰমণৰ ফলত অসমৰ সামাজিক জীবন ছিন্ন-ভিন্ন হৈ পৰে। গাঁওবোৰত জনসংখ্যা কমি গৈছিল। বহুতো প্রজাই প্ৰাণৰ ভয়ত ঘৰ-বাৰী এৰি পাহাৰে-পৰ্বতে আশ্রয় লৈছিল। কিছুমানে দেশ এৰি চুবুৰীয়া ৰাজ্যত আশ্রয় গ্রহণ কৰিছিল। ইয়াৰ ফলত গাঁও উছন হৈ আৰু খেতি-বাতি নোহোৱা হৈ ভালেমান ঠাই হাবিলৈ পৰিণত হৈছিল।

Source: SEBA

Read More…………………

Leave a Comment