Boisitramai Axom Class 10 | বৈচিত্ৰ্যময় অসম মৰাণসকল

Here is Your Boisitramai Axom Class 10 Chapter 6 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 6 (মৰাণসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

Boisitramai Axom Class 10

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

(চ) মৰাণসকল

প্রশ্ন ১। মৰাণ সকলৰ নৃগোষ্ঠীয় পৰিচয় সম্পর্কে তিনিটা বাক্যত লিখা । 

উত্তৰ ; মৰাণ সকল বৃহৎ কিৰাত-মঙ্গোলীয় মূলৰ অন্যতম জনজাতীয় গোট। 

প্রশ্ন ২। অসম আৰু অৰুণাচলৰ কোন কেইখন জিলাত মৰাণ সকলৰ বসতি বেছি? 

উত্তৰ : অসমৰ তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত মৰাণসকলৰ বসতি বেছি।

প্রশ্ন ৩। বুৰঞ্জীত উল্লেখ থকা বাৰ ঘৰ কছাৰীৰ নাম লিখা।

উত্তৰঃ বুৰঞ্জীত উল্লেখ থকা বাঘৰ কছাৰীৰ নাম হ’ল – দমচয় (ডিমাছা), ইনটহজয় (হোজাই), বিহদয় (বড়ো), জুহল-লুইবা (লালু বা সম্প্রতি তিৱা), বাদু সোণলয় (সোণোৱাল), ইনটু-মিমখয় (মৰাণ), দিউনয় (দেউৰী), ইনটু-মেচয় (মেছ), কুচুবয়ঁ (কোচ), ইনটু-গাৰোয় (গাৰো, ৰাভা কিৰটয় (ৰাভা), বুদু হজয় (হাজং)।

প্রশ্ন ৪। মৰাণ ভাষাৰ দহোটা শব্দ লিখা । 

উত্তৰ : মৰাণ ভাষাৰ দহোটা শব্দ – দি (পানী), সিম (নিমখ), মাই(ধান), মাইৰুম (চাউল), মিয়াম (ভাত), মহন (মাংস), চান (সূর্য), দান (চন্দ্র), হান (চাহ), হিংকা (কাপোৰ আৰু চেনফং (গছ)।

প্রশ্ন ৫। মৰাণসকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা উল্লেখ কৰা । 

উত্তৰ: মৰাণ সকলৰ ঐতিহাসিক যুগৰ ৰাজ্যখনৰ চাৰিসীমা এনেধৰণৰ – উত্তৰে

 বুঢ়ীদিহিং, দক্ষিণে দিচাং, পূবে চফ্ৰাই আৰু পশ্চিমে ব্ৰহ্মপুত্র। 

প্রশ্ন ৮। মৰাণ সকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম কি ? 

উত্তৰ : মৰাণসকলৰ ঐতিহাসিক যুগৰ অন্তিমজন ৰজাৰ নাম হ’ল— ‘বদৌছা’ বা ‘বড়োচা’।

প্রশ্ন | মৰাণ সকলে বহাগৰ বিহু কেতিয়া কেনেকৈ পালন কৰে ?

উত্তৰঃ মৰাণ সকলে বহাগৰ বিহু এনেদৰে পালন কৰে বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অৰ্চনা কৰি বিহু নমায় আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাতদিন সাতৰাতি বিহু মাৰি বিহু পালন কৰে।

প্রশ্ন ৮। মৰাণ সকলৰ দুটা বৃত্তিমূলক, দুটা গুণবাচক, আৰু দুটা স্থানবাচক খেলৰ নাম লিখা ।

উত্তৰঃ বৃত্তিমূলক খেল— তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰা নাওশলীয়া 

গুণবাচক খেল – পেটুধোৱা, হাতীমূৰীয়া । 

স্থানবাচক খেল – মাজুলী গঞা, হালধি বৰণীয়া

প্রশ্ন ৯। মৰাণ সকলৰ জাতীয় খেতি কি ?

উত্তৰ : মৰাণ সকলৰ জাতীয় খেতি হ’ল সুমথিৰা বা কমলাটেঙাৰ খেতি ৷

প্রশ্ন ১০ | মৰাণ সকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব কেনেধৰণৰ ?

উত্তৰ : মৰাণসকলৰ ডেকাসকলৰ দলপতিৰ দায়িত্ব হ’ল সমাজ পৰিচালনাত আগভাগ লোৱা।’

প্রশ্ন ১৯ | ক’ত ক’ত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল ? 

উত্তৰ : শদিয়াৰ কেঁচাইখাতী থান, তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত মৰাণসকলৰ দেৱ-দেৱীৰ পূজাৰ শাল আছিল ৷

প্রশ্ন ১২। চমুটোকা লিখা ।

(ক) সমন্বয়ৰ জনক কিৰাত চৌষ বোদৌচা । (খ) বীৰংগণা ৰাধা-ৰুকুণী-

(গ) বীৰ সেনাপতি ঝপৰা জগধা ৷ (ঘ) মোহন শ‍ইকীয়া

(ঙ) ৰাঘৱ মৰাণ ৷

উত্তৰঃ চমুটোকা পাঠ্যপুথিত চাই লোৱা ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১৩। অসমীয়া কৃষ্টি’ গ্ৰন্থখনিৰ ৰচক কোন?

উত্তৰ : বিষ্ণু ৰাভাদেৱ ।

প্রশ্ন ১৪। ‘কছাৰী গ্ৰন্থখনিৰ ৰচক কোন?

উত্তৰ : ড° সূর্য কুমাৰ ভূঞাদেৱে লিখা

প্রশ্ন ১৫। অতীজতে মৰাণ সকলৰ মাজত কি বড়োমূলীয় ভাষা আছিল?

উত্তৰ : ‘বড়োৰূচী’ নামৰ ভাষা ।

প্রশ্ন ১৬। মৰাণ সকলৰ প্ৰধান উৎসৱ কি?

উত্তৰ : বিহু ।

প্রশ্ন ১৭। মৰাণ সকলৰ বিহুক কি বিহু বোলে ?

উত্তৰ : ‘মৰাণ বিহু” ।

প্রশ্ন ১৮। মৰাণ সকলৰ জাতীয় পশু কি ? 

উত্তৰঃ হাতী।

প্রশ্ন ১৯। মৰাণ সকলৰ জাতীয় গছ কি? 

উত্তৰঃ হোলুংগছ।

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment