Boisitramai Axom Class 10 Chapter 1 | বৈচিত্ৰ্যময় অসম তিৱাসকল‌

Here is Your Boisitramai Axom Class 10 Chapter 1 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 1 (তিৱাসকল‌) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

Boisitramai Axom Class 10 Chapter 1

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

(ক) তিৱাসকল

প্রশ্ন ১। ভাষিক দিশৰ পৰা তিৱাসকল কোনটো ঠালৰ লোক ? 

উত্তৰ: ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় ভাষাগোষ্টী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ ঠালৰ লোক ৷

প্রশ্ন ২। তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ কি কি ?

উত্তৰ : তিৱাসকলে তেওঁলোকৰ উৎসৱ-পাৰ্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্ৰবোৰ হ’ল— গ্ৰাম (ঢোল) বাৰ, গ্ৰাম খুজুৰা, গ্রাম পান্থাই, দুম্‌দিং, দগৰ, পাতিঢোল আদি চামৰাৰ বাদ্য); বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং গ্ৰাম, থকথৰৰক,; মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেপা, সুহুৰি আৰু খায়াং (তাল) ইত্যাদি। 

প্রশ্ন ৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয় ?

উত্তৰ: তিৱা সমাজত খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত জেলা’ বুলি কোৱা হয় । আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱা হয় ।

প্রশ্ন ৪। তিৱা সকলৰ কেইটিমান উৎসৱৰ নাম লিখা ।

উত্তৰ : জোনবিল মেলা, ৱাণছুৱা, ছগ্রা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন, মাই পথালা, মাইৰাৱা, খাপ্‌লাং ৰাৱাণে ফুজা, পান্থাইচ্যৱা, বৰত, গোসাঁই উলিওৱা মেলা, বহাগ বিহু, কাতি বিহু, মাঘ বিহু ইত্যাদি ।

প্রশ্ন ৬ ।  ফুলগুৰিৰ ধেৱা- কি ?

উত্তৰ : ফুলগুৰিৰ ধেৱা হ’ল ফুলগুৰিত হোৱা অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ 

প্রশ্ন ৬। চমুটোকা লিখা : (ক) ইন্দ্ৰচিং দেউৰী, (খ) বলাইৰাম সেনাপতি 

উত্তৰঃ (চমুটোকা পাঠ্যপুথিত চোৱা)

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। তিৱাসকলৰ বসতি স্থান সম্পৰ্কে উল্লেখ কৰা । 

উত্তৰঃ তিৱাসকল বৰ্তমান অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, যোৰহাট, ধেমাজি, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় ৰাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে। 

প্রশ্ন ৮। কিমান চনত গোভা ৰজাই তিনিজন বৃটিছক ধৰি আনি ‘কালী গোসাঁনীৰ আগত বলি দিছিল ?

উত্তৰ : ১৮৩৫ চনত ।

প্ৰশ্ন ৯।  তিৱাসকলৰ গাঁও সৃষ্টিৰ নমুনা কেনেকুৱা ? 

উত্তৰঃ দুই বা ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি হয় ।

প্রশ্ন ১০। ‘লৰ’ কি ?

উত্তৰঃ পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বোলে । 

প্রশ্ন ১১। তিৱাসকলৰ মৰ্যাদাপূর্ণ পদবী কি ? 

উত্তৰঃ “হাৰী কুঁৱৰী”।

প্রশ্ন ১২। তিৱাসকলৰ সাজ-পোচাক, আ-অলংকাৰ সম্পৰ্কে লিখা । 

উত্তৰ : স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুল-চানেকি যুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা, তালা, থেনাচ, ফালি, ফাগা ইত্যাদি আৰু মহিলাই কাছা ; ফাকাই নাৰা ইত্যাদি পৰিধান কৰে ।

আ-অলংকাৰ কেইবাবিধৰ মণি, যেনে চাল, চিংলি ল, কল পান্থা আদি আনহাতে কাণৰ অলংকাৰ— খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং ইত্যাদি প্ৰধান।

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment