Here is Your Boisitramai Axom Class 10 Chapter 10 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 10 (সোণোৱাল কছাৰীসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 10
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(ঞ) সোণোৱাল কছাৰীসকল
প্রশ্ন ১। ডিমাচা ভাষাত সোণোৱাল মানে কি?
উত্তৰ : ডিমাচা ভাষাত সোণোৱাল মানে উজ্জ্বল আৰু ঐশ্বৰ্যশালী।
প্রশ্ন ২। সোণোৱাল কছাৰীসকল কি ধৰ্মৰ উপাসক আছিল
উত্তৰ: সোণোৱাল কছাৰী সকল শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল।
প্রশ্ন 3। সোণোৱাল কছাৰীসকলৰ লোক-সাহিত্য সমূহৰ বিষয়ে লিখা ।
উত্তৰঃ মুখে মুখে বাগৰি অহা, মুখে মুখে ৰচনা কৰা পুৰণি নাম, পদ, মালিতা ফকৰা যোজনা, সাধুকথা ইত্যাদি সোণোৱাল কছাৰীসকলৰ উল্লেখযোগ্য লোক বা চহা সাহিত্য বৰ্তমানলৈ প্ৰাপ্ত লোক-সাহিত্য সমূহৰ ভিতৰত হায়দাং গীত, হুচৰি গীত, বহুৱা নৃত্যৰ গীত, আইনাম, ধাই নাম, লখিমী নাম, অপেশ্বৰীৰ নাম, গোসাঁইৰ নাম, ফুলকোঁৱৰ মণিকোঁৱৰৰ গীত, জনা গাভৰু গীত গীত, মৰণামৰা গীত, বিহুগীত, ওৰাচিয়া গীত আদিয়েই প্রধান।
প্রশ্ন ৪। সোণোৱাল কছাৰীসকলৰ সমাজ পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ সোণোৱাল কছাৰীসকলৰ প্ৰথম পৰিচয় সঁচ বা পৰিয়াল, বংশ, খেল আৰু কুচীয়া। বৰ্তমান সোণোৱাল কছাৰীৰ মাজত ১৩৫ টা সঁচ আছে। ইয়াৰে চাৰিটা ততোধিক সঁচ মিলি একোটা বংশ হয়। এওঁলোকৰ মাজত সৰ্বমুঠ ২৫ টা বংশ আছে। ইয়াৰে চৈধ্যটা বংশক নির্বাচন কৰি কছাৰীৰ ৰাষ্ট্রনায়ক মাণিকে হালালী ৰাজ্য পৰিচালনা কৰিছিল। সোণোৱাল কছাৰীৰ বিবাহৰ ক্ষেত্ৰত প্ৰথমে সঁচ আৰু বংশ বিচাৰ কৰা হয়। একেই সঁচ বা বংশৰ মানুহ একে ঘৰৰ ভাই-ককাই হিচাপে গণ্য কৰা হয় ৷
প্রশ্ন ৫। সোণোৱাল কছাৰীসকলক কিয় দ্বৈত ধৰ্মৰ বুলি কোৱা হয় ?
উত্তৰঃ সোণোৱাল কছাৰীসকল ৮৩০ খ্ৰীষ্টাব্দৰ পৰা শাক্ত বা পুৰাতন ধৰ্মৰ উপাসক আছিল; ১৬৮১ চনত আহোমৰ স্বৰ্গদেৱ গদাপাণিৰ ৰোষত পৰি শ্ৰীশ্ৰীকেশৱ দেৱ গোস্বামীদেৱে শদিয়াৰ সোণোৱালসকলৰ অধ্যুষিত অঞ্চল আঁঠুকঢ়া চাপৰি, বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অঞ্চলত আত্মগোপন কৰি থাকোতে অতি কৌশলেৰে সোণোৱাল কছাৰীসকলক শৰণ দিয়াই দ্বৈত ধৰ্মত বিভাজন কৰিলে। সত্ৰাধিকাৰৰ ওচৰত শৰণ লোৱা সকলক হিন্দুৰীয়া আৰু শৰণ নোলোৱাসকলক বেহাৰী বুলি নামকৰণ কৰিলে । সেই সময়ৰ পৰাই সোণোৱাল সকলৰ মাজত ‘গোসাঁই নাম’ অন্তৰ্ভুক্ত হয়। সত্ৰাধিকাৰে শৰণ দিয়ালেও সম্প্ৰতি সোণোৱাল কছাৰীসকল দ্বৈতধৰ্মী।
প্রশ্ন ৬। চমুটোকা লিখা
(ক) প্রমোদ সোণোৱাল (খ) গগন চন্দ্ৰ সোণোৱাল (গ) পৰশুৰাম সোণোৱাল (ঘ) যোগেশ দাস (ঙ) যোগেন্দ্ৰ নাথ হাজৰিকা।
উত্তৰঃ (চমুটোকা পাঠ্যপুথিত চাই লোৱা)
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) সোণোৱাল কছাৰীসকল পূৰ্বতে অসমত কি হিচাপে প্ৰৱেশ কৰিছিল ?
উত্তৰ : মঙ্গোলীয় হিচাপে।
(খ) সোণোৱাল কছাৰীসকল প্ৰথমতে কি উপাসক আছিল?
উত্তৰঃ জড়োপাসক আছিল ।
(গ) সোণোৱাল কছাৰীসকলে যি যি নদীৰ পাৰত বাস কৰিছিল সেই বিলাক নদনদীৰ আগত ‘দি’ বা ‘টি’ আখৰযুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই দিয়া নদীৰ নাম পাঁচটা লিখা।
উত্তৰঃ দিচাং, দিগাৰু, দিখৌ, দৈয়াং, দিক্ৰং।
(ঘ) গাঁওখন সুশৃঙ্খলভাৱে চলিবলৈ গাঁওখনত কেনে বাবৰ সৃষ্টি কৰা হয় ?
উত্তৰঃ বাৰীক, পাঠেক,আশীর্বদীয়া, গীতঘাই, মেধি, তামুলী, ৰান্ধনী আদি বাবৰ সৃষ্টি কৰা হয় ৷
(ঙ) সোণোৱাল কছাৰী সকলে অতিথিৰ বাবে সজা ঘৰটোৰ নাম কি ?
উত্তৰ : মাৰলঘৰ ।
(চ) সোণোৱাল কছাৰী সকলে সাধাৰণতে হায়দাং গীতৰ মতে কেনেধৰণেৰে ঘৰবোৰ বান্ধে ?
উত্তৰ : “পূবে ভঁৰাল, পশ্চিমে গৰাল, উত্তৰে চৰু, দক্ষিণে গৰু বান্ধে এনেধৰণেৰে ঘৰবোৰ বান্ধে
(ছ) সোনোৱাল কছাৰী সকলৰ মাজত কি ধৰ্ম বিৰাজমান ?
উত্তৰঃ দ্বৈতধৰ্ম ।
(জ) সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগতভাৱে চলি অহা কেইটামান পূজাৰ নাম লিখা।
উত্তৰ : বাইথ’ পূজা, গভাই পূজা, সৰগদেউ পূজা, জলখাই পূজা, ক্ষত্ৰীয়শালৰ পূজা, বুঢ়া-বুঢ়ী শালৰ পূজা, বলিয়াবাবাৰ পূজা, কোঁচাই খাতী পূজা, খিনভঙা পূজা ইত্যাদি ।
(ঝ) সোণোৱাল কছাৰী সকলৰ সকাম-নিকাম দুটিমানৰ নাম লিখা ।
উত্তৰ : লখিমী সবাহ, আই সকাম, বাৰীচুকৰ সকাম, বুঢ়ী পোহা বা চাউল খুওৱা সকাম, গৰখীয়া সবাহ, অপেশ্বৰী সবাহ ইত্যাদি।
(ঞ) সোণোৱাল কছাৰী সকলৰ কেইটিমান নাচৰ নাম উল্লেখ কৰা ৷
উত্তৰ : বহুৱা নৃত্য, হগ্রা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য ইত্যাদি।