Boisitramai Axom Class 10 Chapter 11 | বৈচিত্ৰ্যময় অসম

Here is Your Boisitramai Axom Class 10 Chapter 11 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 11 (হাজংসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

Boisitramai Axom Class 10 Chapter 11

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

হাজংসকল

প্রশ্ন ১। হাজংসকল কোন জনগোষ্ঠীৰ লোক? 

উত্তৰঃ নৃতাত্ত্বিক সকলৰ মতে ইণ্ডো-মঙ্গোলীয় জনগোষ্ঠীৰ লোক । 

প্রশ্ন ২। হাজং সকলক পার্বত্য স্বায়ত্তশাসিত জিলাবোৰত কেতিয়া অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছিল ?

উত্তৰ : ১৯৫০ চনত

প্রশ্ন ৩। বর্তমান হাজংসকল অসমৰ প্ৰধানতঃ কোন কোন জিলাত বাস কৰি আছে? 

উত্তৰ : বৰ্তমান হাজংসকল প্ৰধানকৈ বৰ্তমান অসমৰ গোৱালপাৰা, ধুবুৰী, কামৰূপ, বাস্কা, ওদালগুৰি, চিৰাং, দৰং, লক্ষীমপুৰ, ধেমাজি, নগাঁও আদি জিলাত বাস কৰি আছে।

প্রশ্ন ৪। হাজংসকলৰ মূল জীৱিকা কি?

উত্তৰঃ হাজং সকলৰ মূল জীৱিকা কৃষি

প্রশ্ন ৫। ‘বাস্তুদেও পূজা’ কেতিয়া অনুষ্ঠিত কৰে ? 

উত্তৰ : বহাগ মাহত ‘বাস্তুদেও’ পূজা অনুষ্ঠিত কৰে। 

প্রশ্ন ৬। হাজং সমাজত কাছৰি ঘৰৰ তাৎপৰ্য কি ? 

উত্তৰ : হাজং সকলে এখন চোতাল ৰাখি চাৰিওকাষে বিভিন্ন নাম দি ঘৰ সজায়। আগচোতালত সজোৱা ঘৰটোৰ নাম কাছৰি ঘৰ। কাছৰি ঘৰক বাটচ’ৰা বুলি ক’ব পাৰি যদিও আচলতে হাজং সকলৰ ই ডেকাচাং আছিল। এসময়ত গাঁৱৰ মুৰব্বী বা প্ৰতিপত্তিশীল ব্যক্তিৰ ঘৰৰ হাউলিতহে কাছৰি ঘৰ আছিল। কাছৰি ঘৰত গাঁৱৰ অবিবাহিত ডেকাসকলহে নিশা শুইছিল। গাঁৱলৈ পুৰুষ আলহী-অতিথি আহিলেও এই কাৰি ঘৰতহে ৰাতি থাকিবলৈ দিয়া হৈছিল ।

অতিৰিক্ত প্রশ্নোত্তৰ

(ক) ভৈয়ামৰ জিলাবোৰত বাস কৰা হাজংসকলে কেতিয়া ভৈয়ামৰ অনুসূচীত জনজাতি হিচাপে স্বীকৃতি লাভ কৰে ?

উত্তৰ : ২০০২ চনত ।

(খ) হাজংসকল ক’ৰ পৰা প্ৰবজন কৰি আহিছিল ?

উত্তৰ : তিব্বতৰ পৰা

(গ) গাৰো ভাষাত হাজং শব্দৰ অৰ্থ কি বুলি কৈছে ?

উত্তৰ : গাৰো ভাষাত হাজং শব্দৰ ‘হা’ মানে মাটি ‘জং”মানে পোক; অর্থাৎ হাজং মানে মাটি আৰু পোক ।

(ঘ) হাজং সকল সামাজিকভাৱে পূৰ্বতে কেইটা শ্ৰেণীত বিভক্ত আছিল, কি? – কি কি ? 

উত্তৰ : ছয়টা শ্ৰেণীত বিভক্ত আছিল । সেইবোৰ হ’ল— ১। হাৰাং পাহাৰীয়া ২। ভজালু পাহাৰীয়া ৩। মাণিক পাহাৰীয়া ৪। টেপৰ পাহাৰীয়া ৫। সাতদল পাহাৰীয়া ৬। মাঞ্জি পাহাৰীয়া 

(ঙ) হাজংসকল বৃহৎ আঞ্চলিক গোট হিচাপে কেইটাভাগত পোৱা যায়— আৰু কি কি ? 

উত্তৰ : পাঁচটা ভাগত পোৱা যায়, সেই কেইটা হ’ল— ১। দশ কাহালীয়া ২। ছুছঙী ৩। মছ পাহাৰীয়া ৪। কৰাই বাৰীয়া ৫। বাৰ’ হাজাৰী ৷

(চ) হাজং সকলৰ সমাজ বান্ধোন তিনিটা কি কি ?

উত্তৰ : ১। গাঁও গিয়াতি ২। পাঁচ গিয়াতি ৩। জোৱাৰ বা চাক্‌লা

(ছ) বৈষ্ণৱ পন্থী হাজং গৃহস্থৰ চোতালত কি থাকে ?

উত্তৰ : হৰিঘৰ আৰু তুলসীৰ থান থাকে।

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment