Here is Your Boisitramai Axom Class 10 Chapter 12 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 12 (নাথ-যোগীসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 12
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(ড) নাথ-যোগীসকল
প্রশ্ন ১। অসমৰ নাথ-যোগীসকলৰ উৎপত্তি সম্পর্কে লিখা।
উত্তৰঃ নাথ বা যোগী সম্প্রদায়টো অসমৰ তথা ভাৰতৰ এটা প্রাচীনতম জনগোষ্ঠী। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে এই সম্প্রদায়টো সিঁচৰতি হৈ আছে। এওঁলোক সাধাৰণতে শৈৱ বা ব্রাত্যধৰ্মী। আদিনাথ বা ভগৱান শিৱই হৈছে প্ৰথমগৰকী নাথ। যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল। যোগীসকল দুটা ভাগত বিভক্ত— গৃহস্থ যোগী আৰু সন্যাসী যোগী। সন্যাসী যোগীসকলেই নামধৰ্মৰ প্ৰচাৰ কৰে। নাথসকলৰ গুৰু গোৰক্ষনাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। মহাযোগী মৎস্যেন্দ্ৰ নাথ আৰু গুৰু গোৰক্ষ নাথ নাথসকলৰ প্রধান দুগৰাকী গুৰু। গুৰু গোৰক্ষনাথে প্ৰৱৰ্তন কৰা যোগ সাধন মাৰ্গৰ ওপৰত ৰচিত স্বাম আত্মাৰাম যোগীৰ ‘হঠযোগ প্রদীপিকা’ সমগ্ৰ বিশ্বতে সমাদৃত যোগৰ এখন মূল্যৱান গ্ৰন্থ
প্রশ্ন ২। নাথ-যোগীসকলৰ সাহিত্য আৰু ধৰ্মৰ বিষয়ে লিখা।
উত্তৰ : নাথ-যোগীসকলৰ সাহিত্য অতি চহকী। অনেকজন নাথ সাহিত্যিকে সাহিত্য সাধনাত ব্ৰতী হৈ অসমীয়া সাহিত্যৰ লগতে ভাৰতীয় সাহিত্যকো সমৃদ্ধ কৰে। অসমৰ এগৰাকী এই সম্প্রদায়টোৰ সুসন্তান সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত তত্ত্বভূষণ প্রয়াত ৰাজমোহন নাথে অসমৰ ভাষা-সাহিত্য-সংস্কৃতিলৈ অভূতপূর্ব অৱদান আগবঢ়াই থৈ গৈছে। নাথসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে চর্যাপদ বা চর্যাগীতসমূহৰ ‘অসমীয়া, বঙলা আৰু ওড়িয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি আছে বুলি পণ্ডিতসকলে মত পোষণ কৰিছে। এই সম্প্ৰদায়ৰ অন্যতম গুণী পুৰুষ পৰম ভক্ত মথুৰা নাথ বুঢ়া আতাৰো অসমীয়া সাহিত্য-সংস্কৃতিলৈ অমূল্য অৱদান আছে। অসমৰ নাথ-যোগীসকল অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈ আহিছে। হলিৰাম নাথ চহৰীয়া আৰু লম্বোদৰ বৰাৰো অৱদান কম নহয় ।
নাথ-যোগীসকল ঘাইকৈ শৈৱ বা ব্রাত্যধৰ্মীৰ লোক যদিও শ্ৰীমন্ত শংকৰ দেৱৰ একশৰণ নামধৰ্মত শৰণ লৈ একাংশই বৈষ্ণৱ ধৰ্মও আচৰণ কৰি আহিছে। যোগীসকল নাম-ধৰ্মত বিশ্বাসী। অতি নির্জ সম্প্রদায় হিচাপে সজ-চিন্তা সজ আচৰণেই তেওঁলোকৰ ধৰ্মৰ প্ৰকৃত নীতি।
প্রশ্ন ৩। নাথ-যোগীসকলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ নাথ-যোগী সম্প্রদায়টো অসম তথা ভাৰতবৰ্ষৰ এটা প্রাচীনতম জনগোষ্ঠী। আৰ্যসকল ভাৰতলৈ অহাৰ আগৰে পৰা নাথ যোগীসকল ভাৰতত বাস কৰি আছিল। অসমৰ প্ৰায় সকলো জিলা আৰু ভাৰতৰ প্ৰায় সকলো প্ৰদেশতে বর্তমানে এই সম্প্ৰদায়ৰ লোক সিঁচৰতি হৈ আছে। এওঁলোক মূলতে শৈৱপন্থী আৰু পালন কৰা ধৰ্মটোৰ নাম আছিল শৈৱ বা ব্রাত্য ধৰ্ম। আদিনাথ বা শিৱই এওঁলোকৰ প্ৰথম গৰাকী নাথ। মহাযোগী মৎস্যেন্দ্ৰ নাথ আৰু গুৰু গোৰক্ষনাথ নাথ যোগীসকল দুগৰাকী প্ৰধান গুৰু অনাথ-যোগীসকলৰ দুটা ভাগ— গৃহস্থযোগী আৰু সন্ন্যাসযোগী। সন্ন্যাসী যোগীসকলেই নাম-ধৰ্মৰ প্ৰচাৰ কৰে। গুৰু গোৰক্ষ নাথ হঠযোগ সাধন মাৰ্গৰ আৱিষ্কাৰক। এই মাৰ্গৰ ওপৰত ৰচিত স্বাম স্বাত্মীৰাম যোগীৰ হঠযোগ প্রদীপিকা’ সমগ্ৰ বিশ্বতে সমাদৃত যোগৰ এখনি মূল্যৱান গ্ৰন্থ । মৎস্যেন্দ্ৰনাথে কামাখ্যাৰ পৰা সুদূৰ নেপাললৈ গৈ বৌদ্ধ ধৰ্মৰ কৱলত থকা-নেপালত হিন্দু ধৰ্ম প্ৰচাৰ কৰিছিল। গৃহস্থ যোগীৰ মৃত্যু হ’লে শ দাহ কৰি সৎকাৰ কৰিলেও সন্ন্যাসী যোগী এজনৰ মৃত্যু হ’লে মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে নিজস্ব ৰীতি-নীতিৰে পদ্মাসনত বহুৱাই সমাধিস্থ কৰাৰ নিয়ম চলি আহিছে।
নাথ-যোগীসকলৰ অতি প্রাচীন নিজস্ব সাহিত্য আছে। তন্ত্র-মন্ত্র, যোগ, আধ্যাত্মিক দর্শন, আয়ুর্বেদ, জ্যোতিষ, ৰসায়ণ আদি বিভিন্ন দিশৰ নাথ সিদ্ধপুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনাৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চর্যাগীতসমূহৰ অসমীয়া, বঙলা আৰু উড়িয়া ভাষা উৎপত্তিত প্রভূত বৰঙণি আছে বুলি পণ্ডিতসকলে কৈছে।
গুৱাহাটীৰ নাম একালত ‘যোগীহাটী’ আছিল বুলি গুৱাহাটীৰ খনন কাৰ্যত পোৱা সমলৰ পৰা জানিব পৰা গৈছে। এটা সময়ত নগাঁৱৰ ওচৰত কদলী ৰাজ্য নামৰ এখনি সৰু ৰাজ্য নাথ মহিলাসকলৰ দ্বাৰা শাসিত হৈছিল বুলি জনা গৈছে। ইয়াৰ উপৰি যোগীঘোপা, যোগীজান, সূৰ্যপাহাৰ আদিৰ গুহাত সিদ্ধযোগীসকলে ধ্যান কৰিছিল বুলি জনা যায় ।
নাথসকল সাধাৰণতে শৈৱ বা ব্রাত্যধৰ্মী হ’লেও কিছুলোকে মহাপুৰুষ শংকৰদেৱৰ ধৰ্মত দীক্ষিত হৈ বৈষ্ণৱ ধৰ্মও গ্ৰহণ কৰিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত এই সম্প্ৰদায়ৰ মনবৰ, খুহুলী দেৱী, কুমলী দেৱী আদিয়ে পুলিচৰ গুলিত প্ৰাণ হেৰুৱাইছিল। তাৰোপৰি বিখ্যাত পথৰুঘাটৰ যুদ্ধত মৃত্যু হোৱা ১৪০ জন লোকৰ ভিতৰত ২৮ জন আৰু বিদেশী বহিষ্কৰণ আন্দোলনত মৃত্যুবৰণ কৰা ৮৫৫ জন শ্বহীদৰ ভিতৰত ১৪০ জন এই সম্প্ৰদায়ৰ ।
অসমৰ নাথ-যোগী সম্প্ৰদায়ৰ প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, পণ্ডিত, তত্ত্বভূষণ প্রয়াত ৰাজামোহন নাথ, হলিৰাম নাথ চহৰীয়া, লম্বোদৰ বৰা আদি সু-সন্তানসকলৰ উপৰি বৃন্দাৱনী বস্ত্ৰৰ শিল্পী পৰম ভক্ত মথুৰা নাথ বুঢ়া আতাক লৈ এই সম্প্রদায়ে গৌৰৱ কৰে ৷
অসমৰ নাথ-যোগীসকল অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ অন্যতম ধাৰক আৰু বাহক। দৰং জিলাৰ প্ৰসিদ্ধ সুকনানি, ওজাপালি, দেওধানী নৃত্য আৰু চিয়াগীতসমূহ সম্প্রদায়টোৰ প্ৰায় নিজস্ব সম্পদস্বৰূপ। ১৯১৯ চনত প্ৰতিষ্ঠিত অসম প্রাদেশিক যোগীসন্মিলনীয়ে এই বছৰ শত বছৰ গৰকিলে।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। নাথ-যোগী সম্প্রদায়টো মূলত কি পন্থী ?
উত্তৰ : শৈৱপন্থী।
প্রশ্ন ২। অতীতত নাথ-যোগী সম্প্রদায়ে পালন কৰা ধৰ্মটোৰ নাম, কি আছিল ?
উত্তৰ : শৈৱ বা ব্রাত্যধর্মী।
প্রশ্ন ৩। যোগীসকলৰ উৎপত্তি কেনেকৈ হৈছিল ?
উত্তৰঃ যোগৰ পৰা হৈছিল ৷
প্রশ্ন ৪। নাথ-যোগীসকলৰ কেইটা ভাগ আছে আৰু কি কি?
উত্তৰ : দুটা ভাগ আছে — গৃহস্থযোগী আৰু সন্ন্যাসযোগী। –
প্রশ্ন ৫। নাথসকলৰ আদিগুৰু কোন?
উত্তৰ : মহাযোগী মৎস্যেন্দ্র নাথ।
প্রশ্ন ৬। নাথসকলৰ আদিগুৰু মৎস্যেন্দ্ৰ নাথ ক’ৰ বাসিন্দা আছিল ?.
উত্তৰ : কামৰূপৰ বাসিন্দা আছিল ।
প্রশ্ন ৭। মৎসেন্দ্র নাথে কামাখ্যা মন্দিৰত কিহত নিমগ্ন আছিল ?
উত্তৰঃ তন্ত্ৰ আৰু যোগ সাধনাত নিমগ্ন আছিল ।
প্রশ্ন ৮। মৎসেন্দ্রনাথক নেপাললৈ কোনে আমন্ত্রণ জনাই নিছিল?
উত্তৰঃ নেপালৰ হজা নৰেন্দ্ৰদেৱে ।
প্রশ্ন ৯। নেপালত গৈ মৎস্যেন্দ্ৰ নাথে কি কৰিছিল ?
উত্তৰ : হিন্দুধৰ্ম প্ৰতিষ্ঠা কৰিছিল ।