Boisitramai Axom Class 10 Chapter 13 | বৈচিত্ৰ্যময় অসম

Here is Your Boisitramai Axom Class 10 Chapter 13 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 13 (আদিবাসীসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

(ঢ) আদিবাসীসকল

প্রশ্ন ১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰ : অসমৰ প্ৰায় ৮৮৫ খন চাহ বাগিছা আৰু গাঁও অঞ্চলত বাস কৰা প্ৰায় ৫৬ লাখ আদিবাসীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। আদিতে আহি ইয়াত বসবাস কৰা কাৰণে তেওঁলোকক আদিবাসী বোলা হৈছে। এই গোষ্ঠীৰ লোকসকল সাধাৰণতে চুটিচাপৰ, অতি ক’লা বৰণৰ আৰু চেপেটা নাকৰ আছিল। এওঁলোকে সাধাৰণতে পাহাৰ আৰু জংঘলত থাকি ভাল পাইছিল। কোল, ভিল, মুণ্ডা আদি জাতিৰ লোক এই গোষ্ঠীৰ লোক

আদিবাসী বুলিলে কাৱাৰ, কল, ভূমিজ, চুৰিয়া, পাহাৰীয়া, মাল পাহাৰীয়া, পাহাৰীয়া, চাওতাল, ওৰাং, মুণ্ডা, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুড়মালি, হ, গৰাইড, গড়, চিক বাৰাইক, চেৰ, বিৰজিয়, বিহড়, কিনজিয়া, বেদিয়া, বাথুড়ি, বানজাৰ, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া, প্ৰধান ইত্যাদি লোকক বুজায়। এই জনগোষ্ঠীটোক কিছুমানে চাহ বনুৱা, চাহ জনজাতি, কুলি আদি নামেৰে নামকৰণ কৰে যদিও প্ৰকৃততে এওঁলোক আদিবাসী।

এওঁলোক প্ৰকৃতিপ্ৰেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি চলা, কৃষিভিত্তিক জনগোষ্ঠী। সেই কাৰণেই তেওঁলোকে কৃষিভিত্তিক কৰম পূজা, টুচু, বাহা পৰব, চহৰাই মাগে, ফাগুৱা আদি উৎসৱ বৰ ধুমধামেৰে পালন কৰে।

এওঁলোকৰ ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্রিক গোষ্ঠীয় ভাষা। আদিবাসীসকলে নিজৰ ভাষাসমূহৰ বিকাশৰ বাবে তেওঁলোকৰ মাজত কুডুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া মহাসভা, কডমালী সাহিত্য সভা ইত্যাদি গঢ়ি উঠিছে। 

প্রশ্ন ২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্বণৰ বিষয়ে লিখা ।

উত্তৰ : আদিবাসী ভাষাসমূহ দ্রাবিড় আৰু অষ্ট্রিক গোষ্ঠীয় ভাষা। উদাহৰণ স্বৰূপে উবাংসকলৰ কুডুষ ভাষাটি দ্রাবিড় গোষ্ঠীৰ, মুণ্ডা আৰু চাওতাল ভাষা অষ্ট্ৰিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা। আদিবাসী সকলে নিজৰ নিজৰ ভাষাৰ বিকাশৰ বাবে কুডুষ সাহিত্য সভা, চাওতালী সাহিত্য সভা, মণ্ডাৰী সাহিত্য সভা, খাৰিয়া সাহিত্য সভা, কডমালী সাহিত্য সভা আদি গঢ়ি তুলিছে।

এওঁলোকৰ প্ৰধান উৎসৱ কৃষিভিত্তিক কৰম উৎসৱ। ভাদমাহৰ একাদশীৰ দিনা কৰম গছৰ ডাল আনি প্রতিষ্ঠা কৰি কৰম দেৱতাক পূজা কৰা হয় যাতে আগন্তুক সময়ত খেতিপথাৰৰ কল্যাণ হয়, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ মাজত মিলাপ্ৰীতি, একতা অটুত থাকে, ভাল ফচল হয়, আগন্তুক বিবাহ হ’বলৈ প্ৰস্তুত হোৱা যুৱতীসকলৰ কল্যাণ হয়। এই যুৱতীসকলে এই উদ্দেশ্যে ব্রত পালন কৰে। পূজাৰ সময়ত সকলোৱে নাচি-বাগি, গীত গাই আনন্দ কৰে । কৰ্ম, ধৰ্ম, ব্যক্ত, জাদুৰ, লাহচুবা আদি নাচ- গানেৰে তেওঁলোকে এই উৎসৱ উদযাপন কৰে। এনেদৰে এওঁলোকে টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা আদি উৎসৱো বৰ ধুমধামেৰে পালন কৰে ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অসমত চাহ বাগিছাৰ সংখ্যা কিমানখন ?

উত্তৰ : প্ৰায় ৮৮৫ খন ।

প্রশ্ন ২। অসমৰ চাহ বাগিছা আৰু গাঁও অঞ্চলত বসবাস কৰা আদিবাসীৰ সংখ্যা কিমান ?

উত্তৰ : প্ৰায় ৫৬ লাখ ।

প্রশ্ন ৩। আদিবাসী শব্দৰ অৰ্থ কি ?

উত্তৰ : ‘আদি’ মানে প্রথম, ‘বাসী’ মানে বাসিন্দা, অর্থাৎ দেশৰ প্রথম বাসিন্দা। 

প্রশ্ন ৪। আদিবাসী গোষ্ঠীৰ ভিতৰত কোনবিলাক জাতি পৰে?

উত্তৰ : কোল, ভিল, মুণ্ডা আদি জাতি।

প্রশ্ন ৫। আদিবাসীসকলক বহুতে কি নামেৰে নামকৰণ কৰিব বিচাৰে ?

উত্তৰঃ চাহ বনুৱা, চাহ জনজাতি, কুলি, সেউজীয়া অসমীয়া আদি নামেৰে। 

প্রশ্ন ৬। আদিবাসীসকলে কৰম উৎসৱ কেতিয়া পালন কৰে ?

উত্তৰ : ভাদ মাহৰ একাদশীৰ দিনা ।

প্রশ্ন ৭। কৰম উৎসৱ কিহৰ উৎসৱ ?

উত্তৰঃ কৃষিভিত্তিক উৎসৱ।

প্রশ্ন ৮। কৰ্ম উৎসৱৰ বাহিৰে আদিবাসীসকলে আৰু কি উৎসৱ পালন কৰে?

উত্তৰ : টুচু, বাহা পৰব, চহৰাই, মাগে, ফাগুৱা ইত্যাদি।

প্রশ্ন ৯। আদিবাসীসকলৰ নাচ-গান কেইটামানৰ নাম উল্লেখ কৰা ।

উত্তৰ : কৰম , ঝৰম, ডমকচ, জাদুৰ, লাহচুৱা আদি ।

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment