Here is Your Boisitramai Axom Class 10 Chapter 2 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 2 (দেউৰীসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 2
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(খ) দেউৰীসকল
প্ৰশ্ন ১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ?
উত্তৰঃ শদিয়া অঞ্চলত আছিল।
প্রশ্ন ২। দেউৰীসকল সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা ।
উত্তৰঃ দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত— ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা ।
ডিবাং নদীৰ পাৰত বাস কৰা সকল ডিবঙীয়া, টেঙাপানী নদীৰ পাৰত বাস কৰা সকল টেঙাপনীয়া, বৰনদীৰ পাৰত থকা সকল বৰগঞা আৰু পাট-শদিয়াত থকা সকল পাটৰগঞা ।
প্রশ্ন ৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?
উত্তৰঃ শদিয়াতেই তেওঁলোক বহুবছৰ বসবাস কৰি আছিল। পিছত বিভিন্ন কাৰণত শদিয়াৰ পৰা প্ৰব্ৰজন হৈ প্ৰথমতে দেউৰীসকল অসমৰ তেতিয়াৰ শিৱসাগৰ জিলাৰ মাজুলী আৰু লক্ষীমপুৰ জিলাৰ ডিব্ৰুং নদীৰ পাৰত বাস কৰিবলৈ লয়। বৰ্তমান তেওঁলোকৰ সম্প্ৰসাৰণ ঘটি উজনি অসমৰ ৮খন জিলা, – তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ আৰু বিশ্বনাথ জিলাত আছে।
প্রশ্ন ৪। দেউৰী বিলাকে নিজকে কি বুলি চিনাকি দিয়ে ?
উত্তৰঃ দেউৰী বিলাকে নিজকে জিম চঁতায়া বুলি চিনাকি দিয়ে
প্রশ্ন। দেউৰী ভাষা তিব্বতবর্মী ভাষা গোষ্ঠীৰ কোনটো ভাষা পৰিয়ালৰ অন্তৰ্ভুক্ত ? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ?
উত্তৰঃ দেউৰী ভাষা মূলতঃ চীন-তিব্বতীয় ভাষা গোষ্ঠীৰ তিব্বতবর্মী ভাষা পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত।
২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে ।
প্রশ্ন ৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম লিখা।
উত্তৰঃ দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ স্বকীয় চাৰিটা উৎসৱৰ নাম
হ’ল— কৃষিভিত্তিক উৎসৱ-বিবা বচু, গিবা মেচ্চু (বসন্ত আদৰণী উৎসৱ), বিহু উৎসৱ— · চিগাদাগাৰেবা বিচু, বিচু দাবেবা মেচ্চু, মিদি দেৰুৱা মেচ্চু (ৰাজ কেবাং), ধৰ্মৰ লগত জড়িত শাও নিয়া পূজা ।
প্রশ্ন । দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
উত্তৰ : দেউৰীসকল বৰ ধৰ্ম বিশ্বাসী লোক। তেওঁলোক ‘কুন্দি’ ধৰ্মৰ বিশ্বাসী।
প্রশ্ন । চমুটোকা লিখা— (ক) ভীমবৰ দেউৰী (খ) ৰাধাকান্ত দেউৰী (গ) বৰ্গৰাম দেউৰী (ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী ।
উত্তৰ : (চাৰিওটা চমুটোকা পাঠ্যপুথিত চোৱা )
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ৯। দেউৰীসকল কোন নৃ-গোষ্ঠীৰ অন্তৰ্গত ?
উত্তৰ: মঙ্গোলয়ড নৃ-গোষ্ঠীৰ ।
প্রশ্ন ১০। দেউৰীসকলৰ উপাস্য দেৱতা কি ?
উত্তৰঃ ‘কুন্দিমামা’ হ’ল দেউৰীসকলৰ উপাস্য দেৱতা ।
প্রশ্ন ১১। ‘কুন্দিমামা’ মানে কি?
উত্তৰঃ ‘কুন্দি’ মানে পৰম পুৰুষ পৰমেশ্বৰ, আৰু ‘মামা’ মানে প্ৰকৃতিক বুজাইছে। এই ‘কুন্দিমামা’ ই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা আৰু পালনকর্তা বুলি দেউৰীসকলে বিশ্বাস কৰে ।