Here is Your Boisitramai Axom Class 10 Chapter 3 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 3 (নেপালী ভাষী গোর্খাসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 3
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(গ) নেপালী ভাষী গোর্খাসকল
প্রশ্ন ১। নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল কি কি নৃ-গোষ্ঠীয় লোকৰ সংমিশ্রণ ?
উত্তৰঃ নেপালী বা গোর্খা জনগোষ্ঠীৰ লোকসকল আর্য-মঙ্গোল -কিৰাত নৃ-গোষ্ঠীৰ সংমিশ্রণ।
প্রশ্ন ২। ‘লাল মোহৰীয়া পাণ্ডা’ বুলি কলে কি বুজা ?
উত্তৰ : নৰক ৰজাই কামাখ্যা মন্দিৰত পূজা কৰাবলৈ যি বিলাক পূজাৰী নেপালৰ পৰা ‘আনিছিল সেই সকলক পিছলৈ কামাখ্যা মন্দিৰত ‘লাল মোহৰীয়া পাণ্ডা’ বুলি খ্যাত হৈছিল ।
প্রশ্ন ৩। অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম লিখা ।
উত্তৰ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথম সভাপতি গৰাকীৰ নাম হ’ল ছবিলাল উপাধ্যায়
প্রশ্ন ৪। ‘ট্রাইবেল বেল্ট এণ্ড ব্রক ত নেপালী ভাষী লোকসকলে কেতিয়া ‘সংৰক্ষিত শ্ৰেণী’ৰ মৰ্যাদা পাইছিল ?
উত্তৰ : গোপীনাথ বৰদলৈৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত ১৯৪৭ চনত ।
প্রশ্ন ৫। ৰতিকান্ত উপাধ্যায় কোন আছিল আৰু তেওঁ ক’ত ক’ত সত্ৰ স্থাপন কৰিছিল ?
উত্তৰ : ৰতিকান্ত উপাধ্যায় আছিল নেপালী ব্ৰাহ্মণ । তেওঁ টিয়ক আৰু নগাঁৱত নেপালী সত্ৰ’ স্থাপন কৰিছিল।
প্রশ্ন ৬। গোর্খা সম্প্রদায়ৰ লোকসকলে পালন কৰা মুখ্য উৎসৱবোৰ কি কি ?
উত্তৰঃ মহিলাসকলে পালন কৰা ‘তীজ’, পাৰিবাৰিক সম্বন্ধ নিকপকপীয়া কৰা উৎসৱ “বড়া দশৈ আৰু ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱ ‘তিহাৰ’ আদি মুখ্য উৎসৱ।
প্রশ্ন ৭। “জম্বুদ্বীপে, আৰ্যৱৰ্তে, ভাৰতবর্ষে, অসম প্রান্তে” বোলা কথাষাৰৰ তাৎপৰ্য কি?
উত্তৰ : প্ৰায় পাঁচ হাজাৰ বছৰৰ আগৰ পৰাই অৰ্থাৎ মহাভাৰতৰ সময়ৰ পৰাই অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল। তেতিয়া এই সমগ্ৰ অঞ্চলটো ‘জম্বুদ্বীপে’ বা আৰ্যৱৰ্ত” নামেৰে জনাজাত আছিল। অসমৰ নেপালীভাষী লোকসকলে বছৰেকীয়া পিতৃ শ্ৰাদ্ধত পিণ্ড দান কৰোঁতে মন্ত্ৰৰ লগতে নিজৰ ঠিকনা উল্লেখ কৰি “জম্বুদ্বীপে, আৰ্যৱর্তে, ভাৰতবর্ষে অসমপ্রান্তে” বুলি কয় ।
প্রশ্ন ৮। সুগৌলী সন্ধি কেতিয়া হৈছিল, আৰু এই সন্ধিমতে কোনখন দেশৰ ভূ-ভাগ আৰু জন সমষ্টি ভাৰতৰ অন্তৰ্ভুক্ত হৈছিল ?
উত্তৰঃ বৃটিছ আৰু নেপালৰ মাজত ১৮১৫-১৬ চনত সুগৌলী সন্ধি হৈছিল। সেই সন্ধিমতে নেপালৰ জন সমষ্টিৰ সৈতে ভাৰতৰ উত্তৰৰ নেপালৰ বহু ভূ-ভাগ ভাৰতৰ অন্তর্ভুক্ত হয়
প্রশ্ন ৯। চমুটোকা লিখা
(ক) ছবিলাল উপাধ্যায় (খ) হৰি প্ৰসাদ গোর্খা ৰাই (গ) দলবীৰ সিং লোহাৰ ।
উত্তৰ : (আটাইকেইটা চমুটোকা পাঠ্য পুথিত চোৱা।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১০। সাম্প্রতিক সময়ত ভাৰতৰ নেপালী ভাষী লোকক কি নামেৰে জনা যায় ?
উত্তৰ: ‘গোৰ্খা’ নামেৰে
প্রশ্ন ১১। ‘ৰাজৰংগিনী’ গ্ৰন্থখনৰ ৰচক কোন ?
উত্তৰ : পণ্ডিত কলহন ।
প্রশ্ন ১২। “ভাৰতীয় ইতিহাস কী মিমাংসা’ গ্রন্থখনৰ ৰচক কোন?
উত্তৰ : জয়চন্দ্ৰ বিদ্যালংকাৰ ।
প্রশ্ন ১৩। প্রাচীন ধর্ম গ্ৰন্থৰ মতে প্ৰাগজ্যোতিষৰ ৰজা নৰকে ক’ত জন্ম গ্ৰহণ কৰিছিল ?
উত্তৰঃ বৰ্তমান নেপালৰ চুনচুৰী জিলাৰ বৰাহ ক্ষেত্ৰত ।
প্রশ্ন ১৪। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে ক’ৰ পৰা পূজাৰী আনিছিল ?
উত্তৰঃ নেপালৰ পৰা ৷
প্রশ্ন ১৫। কামাখ্যা মন্দিৰত পূজা কৰাবলৈ ৰজা নৰকে নেপালৰ পৰা অনা পূজাৰীসকল কি বুলি খ্যাত হৈ পৰিল ?
উত্তৰ : ‘লাল মোহৰীয়া পাণ্ডা’ বুলি ৷
প্রশ্ন ১৬। টিয়ক আৰু নগাঁৱত কোনে ‘নেপালী সত্ৰ’ স্থাপন কৰিছিল ?
উত্তৰ : ‘নেপালী ব্ৰাহ্মণ ৰতিকান্ত উপাধ্যায়ে।
প্রশ্ন ১৭। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল ?
উত্তৰ : ১৮২৬ চনত ৷
প্রশ্ন ১৮। অসম আন্দোলনত নেপালী জনগোষ্ঠীৰ কেইগৰাকী লোক শহীদ হয়?
উত্তৰ : ছয় গৰাকী।