Boisitramai Axom Class 10 Chapter 7 | বৈচিত্ৰ্যময় অসম

Here is Your Boisitramai Axom Class 10 Chapter 7 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 7 (মিচিংসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.

Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.

Boisitramai Axom Class 10 Chapter 7

বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে 

ছ) মিচিংসকল

প্রশ্ন ১। মিচিং জনজাতিৰ বিষয়ে এটা চমুটোকা লিখা । 

উত্তৰ : মিচিং হ’ল অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগোষ্ঠী। মিচিং সকলক ‘মিৰি’ হিচাপেও জনা যায়। মিচিং সকলে বহল অর্থত নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে = মিচিং সকলৰ পূৰ্বৰ বাসস্থান আছিল অসমৰ উত্তৰলানি পাহাৰ অঞ্চল। পিছত জীৱিকাৰ সন্ধানত তেওঁলোক অসমৰ সমতললৈ নামি আছে। মিচিং জনগোষ্ঠীৰ মাজত কেইবা প্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্র গণনা পুৰুষৰ ফালৰ পৰা কৰা হয়। মনে বিচৰা জীৱন-সংগী বিচৰাত ডেকা-গাভৰুৰ মাজত স্বাধীনতা আছে। বিয়া একেটা কুলৰ মাজত নহয়। কুল বিচৰাত উচ্চ-নীচৰ বিচাৰ বা ভাৱ নাথাকে ৷

মিচিংসকলৰ জীৱিকাৰ সম্বল হ’ল কৃষি। ধান খেতি কৰাৰ উপৰিও তেওঁলোকে মাহ, সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে। গাঁৱত শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে ৷

মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত। পুৰুষসকলে মিবু গালুগ, গ, উগন, টঙালি, দুমৌৰ আদি পৰিধান কৰে। মহিলা সকলে ৰিহা-মেখেলা, ৰিবি গাচেং আদি পৰিধান কৰাৰ উপৰিও নানা ৰকমৰ অলংকাৰ পিন্ধে। ধৰ্মীয় ক্ষেত্ৰত তেওঁলোকে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অবলম্বন কৰে। হ’লেও তেওঁলোকৰ ‘দঞিপল’ মূলধর্ম। ‘

মিচিং সকলৰ জাতীয় উৎসৱ আলি আঃয়ে লিগাঙৰ উপৰিও বিহু আদিও পালন কৰে আলি-আঃয়ে লিগাং হ’ল কৃষি ভিত্তিক উৎসৱ। ভাতৰ লগত শুকান মাছ, মঙহ আৰু আপং এই উৎসৱৰ প্ৰধান খাদ্য। আপং মিচিং সকলৰ চিৰাচৰিত পানীয় দ্রব্য ।

মিচিং ভাষা লোক সাহিত্যত চহকী। মিচিং ভাষী লোকৰ অসমীয়া ভাষা সাহিত্যলৈ উল্লেখনীয় অবদান আছে। সু-সাহিত্যক ভৃগুমুনি কাগয়ুং তেনে এজন বৰেণ্য সাহিত্যিক মিচিং সম্প্ৰদায়ৰ লোক ।

প্রশ্ন 2। মিচিং সকলৰ তিনিবিধ সাজ-পাৰৰ নাম লিখা।

উত্তৰঃ পুৰুষসকলৰ – মিবু গালুগ, মহিলাৰ – ৰিহা মেখেলা, ৰিবি গাচেং |

প্রশ্ন 3। আলি আঃয়ে লিগাং কিয় আৰু কেতিয়া পতা হয়?

উত্তৰ : আলিঃআয়ে লিগাং মিচিংসকল কৃষিভিত্তিক উৎসৱ। বীজ গুটি ৰোপণৰ শুভাৰম্ভ হিচাপে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয় । 

প্রশ্ন ৪। মিচিং সকলৰ ধৰ্মপন্থা সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰ: মিচিং সকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধৰ্ম হিচাপে তেওঁলোকৰ মূলধৰ্ম ‘দঞিপল’।

প্রশ্ন ৫। আলি আয়ে লৃগাং শব্দৰ ব্যুৎপত্তি লিখা । 

উত্তৰ: আলি আয়ে লৃগাং হ’ল মিচিং সকলৰ জাতীয় উৎসৱ। এই শব্দটিৰব্যুৎপত্তিগত অর্থ আছে। ‘আলি’ মানে হ’ল মাটিৰ তলত হোৱা বীজ, ‘আয়ে’হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু ‘লৃগাং’ শব্দৰ অৰ্থ ৰোপণ কাৰ্যৰ শুভাৰম্ভ; – অর্থাৎ গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়ে ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়।

প্রশ্ন ৬। চমুটোকা লিখা।

(ক) ভৃগুমুনি কাং

(খ) শ্বহীদ কমলা মিৰি

(গ) ঐ ৰাম বৰি

(ঘ) যাদৱ পায়েং

উত্তৰঃ (চমুটোকা পাঠ্যপুথিত চাই লোৱা)

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ৭। মিচিংসকলে বহল অর্থত নিজকে কি বুলি পৰিচয় দিয়ে?

উত্তৰ : ‘তানি’ বুলি।

প্রশ্ন ৮। ‘তানি’ শব্দৰ অৰ্থ কি ?

উত্তৰ : ‘তানি’ শব্দৰ অৰ্থ মানুহ বা মানৱ ।

প্রশ্ন ৯। মিচিংসকলে কোনফালৰ পৰা বংশ বা গোত্র গণনা কৰে ?

উত্তৰঃ পুৰুষৰ ফালৰ পৰা ।

প্রশ্ন ১০। মিচিং সকলৰ জীৱিকাৰ সম্বন্ধ কি ?

উত্তৰঃ কৃষি

প্রশ্ন ১১। মিচিংসকলৰ সামাজিক বিচাৰ ক’ত পতা হয় ?

উত্তৰ : খুৰংঘৰ বা গাঁওবুঢ়াৰ চোতালত।

প্রশ্ন ১২। মিচিংসকলৰ মূল ধৰ্ম কি?

উত্তৰঃ দঞিপল

প্রশ্ন ১৩। মিচিংসকলে বিপদ আপদৰ ৰক্ষা কবচ হিচাপে কিহক বিশ্বাস কৰে?

উত্তৰঃ কুকুৰাক ।

প্রশ্ন ১৪। আলি আয়ে লৃগাং’ উৎসৱৰ আৰম্ভণি কেতিয়া কৰা হয়? 

উত্তৰ : ফাগুণ মাহৰ প্ৰথম বুধবাৰৰ পৰা ৷ 

প্রশ্ন ১৫। অধ্যাপক নাহেন্দ্ৰ পাদুনে মিচিং ভাষাৰ বিকাশৰ কি কি তিনিটা স্তৰ ভাগ কৰি দেখুৱাইছে?

উত্তৰ : আদি স্তৰ, মধ্যস্তৰ আৰু আধুনিক স্তৰ ৷

SL NoContent
1তিৱাসকল
2দেউৰীসকল
3নেপালীভাষী গোর্খাসকল
4বড়োসকল
5মটকসকল
6মৰাণসকল
7মিচিংসকল
8মণিপুৰীসকল
9ৰাভাসকল
10সোনোৱাল কছাৰীসকল
11হাজংসকল
12নাথযোগীসকল
13আদিবাসীসকল

Leave a Comment