Here is Your Boisitramai Axom Class 10 Chapter 9 Question Answer for Assamese Medium Students. Dear Students here is Your Class 10 Assamese Boisitramai Axom (বৈচিত্ৰ্যময় অসম) Chapter 9 (ৰাভাসকল) all Question Answer solutions. this Question Answer is Based on SEBA Borad.
Boisitramai Axom Class 10 Chapter 9
Class 10 Assamese Boisitramoi Axom Question Answer, বৈচিত্র্যময় অসম – সমাধান, Class 10 Assamese Solutions, বৈচিত্র্যময় অসম. We provide comprehensive answers for every chapter of Class 10 Assamese in an easy-to-navigate format. You can effortlessly browse through the list of chapters from the Class 10 Assamese Boisitramoi Axom textbook and select the specific chapter answers you need.
বৈচিত্ৰ্যময় অসম দশম শ্ৰেণীৰ বাবে
(ঝ) ৰাভাসকল
প্রশ্ন ১। ৰাভাসকলৰ আদি বাসভূমি ক’ত আছিল ?
উত্তৰ : ৰাভাসকলৰ আদি বাসভূমি গাৰোপাহাৰৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমাবৰ্ত্তী অঞ্চল আছিল, বর্তমানেও এই অঞ্চলবোৰত এওঁলোকৰ বসতি আছে।
প্রশ্ন 2। সামাজিক ফালৰ পৰা ৰাভাসকল কি কি শাখাত বিভক্ত?
উত্তৰ : সামাজিক ফালৰ পৰা ৰাভাসকল ৰংদানী, পাতি, দাহৰী মায়ত্ ৰী, কোচ, বিতলীয়া, হাদা, মদাহী আদি শাখায় বিভক্ত ।
প্রশ্ন ৩। ৰাভা সংস্কৃতিৰ প্ৰতীক কি?
উত্তৰ : ৰাভা সংস্কৃতিৰ প্রতীক হ’ল— ‘মান চেলেংকা’ বা ‘মাছৰোকা’ চৰাই ।
প্রশ্ন ৪। ৰাভাসকলৰ প্ৰধান দেৱতা কি ?
উত্তৰ : ৰাভাসকলৰ প্ৰধান দেৱতা ৰিছি বা মহাদেৱ ।
প্রশ্ন ৫/ ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম কি ?
উত্তৰ : ৰাভাসকলৰ প্ৰধান পূজাটোৰ নাম ‘ব্যায়খো?
প্রশ্ন ৬। চমুটোকা লিখা—
(ক) বিষ্ণু ৰাভা (খ) ৰাজেন ৰাভা (গ) প্ৰসন্ন পাম (ঘ) বীৰু বালা ৰাভা উত্তৰ ঃ (চমুটোকা পাঠ্যপুথিত চোৱা )
অতিৰিক্ত প্রশ্নোত্তৰ
(ক) ৰাভাসকল কোন ফৈদৰ লোক ?
উত্তৰ : মঙ্গোলীয় ফৈদৰ লোক।
(খ) ৰাভা, ইংৰাজী, অসমীয়া ভাষাত প্ৰকাশিত পূৰ্ণাঙ্গ পৰিভাষা খনৰ নাম কি ?
উত্তৰ : ‘ছামলাযাছিনি’।
(গ) ৰাভা ভাষা কিহৰ জৰিয়তে জীৱন্ত হৈ উঠে ?
উত্তৰ : ৰাভা ভাষাৰ আলোচনী ‘চাম্পায়’ৰ জৰিয়তে ।
(ঘ) ৰাভা ভাষাৰ বাতৰি কাকত ‘চিৰিং খুৰাং’ কেতিয়া প্ৰকাশ পাইছিল।
উত্তৰ : ২০০৫ চনত
(ঙ) ৰাজাবীৰ পৰশুৰাম ৰাভা কোন ৰাজ্যৰ ৰজা আছিল ?
উত্তৰ : ‘ছাম্ভোৰ’ ৰাজ্যৰ ।
(চ) ৰাভা সকল কিহৰ উপাসক ?
উত্তৰ : শিল, গছ-গছনি আদি জড় উপাসক।