SEBA Class 10 Assamese Chapter 1 Question Answer বৰগীত Assamese Medium Question Answer. Here You Can find Your Class 10 Assamese Chapter 1 (বৰগীত ) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 1 Question Answer Common Question Answer for Assamese Medium Students.
বৰগীত Class 10
Class 10 Assamese Chapter 1 Question Answer
class 10 assamese chapter 1 Question Answer ,class 10 assamese chapter 1 question answer in assamese borgeet,class 10 assamese chapter 1 question answer,class 10 assamese chapter 1 question answer seba,class 10 assamese chapter 1 question answer assamese medium,class 10 assamese question answer,class 10 assamese question answer chapter 1,class 10 assamese borgeet question answer,class 10 assamese lesson 1 question answer,class 10 assamese chapter 1 MCQ question answer
1) মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?
উত্তৰ: নামঘোষা
2) নামঘোষাৰ অন্য এটা নাম কি?
উত্তৰঃ হেজাৰী ঘোষা।
3) বৰগীতটিত কবিয়ে ‘ৰাঘব’ বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ কবিয়ে ভগৱানক ‘ৰাঘব’ বুলি কাক সম্বোধন কৰিছে?
4) মাধৱদেৱে মুঠ কিমানটা বৰগীত ৰচনা কৰিছিল?
উত্তৰঃ ১৯১ টা বা নকুৰি এঘাৰটা।
5) বৰগীত বুলিলে কি বুজা?
উত্তৰঃ বৰগীত সমূহ হৈছে ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত নির্দিষ্ট সংখ্যক গীতকে বৰগীত বুলি কোৱা হয়।
6) … নেৰিবা বান্ধৱ মােক জীৱনে মৰণে । ” –কবিয়ে জীৱনে মৰনে নোৱাৰিবৰ বাবে কাক অনুৰােধ কৰিছে ?
উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণ ভগৱানক অনুৰােধ কৰিছে ।
7) সনক , সনন্দ যােগী যাহাকু ধিয়ায় । —সনক, সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰঃ সনক , সনন্দ আদি যােগীসকলে নাৰায়ণক/ ভগৱান শ্ৰীকৃষ্ণৰ ধ্যান কৰে বুলি কৈছে ।
8) কবি কিহত আতুৰ হােৱা বুলি কৈছে ?
উত্তৰঃ কবিয়ে বিষয় বান্ধোনত আতুৰ হােৱা বুলি কৈছে ।
9) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰঃ বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ।
10। মহাপুৰুষ মাধৱদেৱৰ জন্ম ক’ত, কেতিয়া হৈছিল?
উত্তৰঃ লক্ষীমপুৰ জিলাৰ নাৰায়নপুৰৰ লেটেকু-পুখুৰীৰ ১৪৮৯ চনত হৈছিল।
11) বৰগীতটি কি ৰাগত বন্ধা ?
উত্তৰঃ বৰগীতটি বসন্ত ৰাগত বন্ধা ।
12) কবিয়ে বান্ধব’ বুলি কাক সম্বােধন কৰিছে ?
উত্তৰঃ কবিয়ে বান্ধব ’ বুলি নাৰায়ণক/ ভগৱান শ্ৰীকৃষ্ণক সম্বােধন কৰিছে ।
13) মােহ – পাশ’মানে কি ?
উত্তৰঃ মােহ – পাশ ’ মানে হৈছে মায়াৰ বান্ধোন ।
14। নামঘোষাৰ আন এটা নাম কি?
উত্তৰঃ হেজাৰী ঘোষা।
15। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা।
নাপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।
উত্তৰঃ
শব্দ | আধুনিক ৰূপ |
নাপাৱন্ত | নাপায় |
কেনে | কেনেদৰে |
ভৈলোহো | হ’লো |
তুমিসে | তুমিয়ে |
জনেৰ | সকলৰ |
কহয় | কয় |
১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:
(ক) … নেৰিবা বান্ধৱ মােক জীৱনে মৰণে । ” –কবিয়ে জীৱনে মৰনে নোৱাৰিবৰ বাবে কাক অনুৰােধ কৰিছে ?
উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণ ’ ( ভগৱানক অনুৰােধ কৰিছে ।
খ ) সনক , সনন্দ যােগী যাহাকু ধিয়ায় । —সনক , সনন্দ আদি যােগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
উত্তৰঃ সনক , সনন্দ আদি যােগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে ।
( গ ) কবি কিহত আতুৰ হােৱা বুলি কৈছে ?
উত্তৰঃ কবি বিষয় বন্ধনত আতুৰ হােৱা বুলি কৈছে ।
( ঘ ) বৰগীতটি কোনে ৰচনা কৰা ?
উত্তৰঃ বৰগীতটি মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা ।
( ঙ ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
উত্তৰঃ বৰগীতটি বসন্তৰাগত বন্ধা আছে ।
( চ ) কবিয়ে বান্ধব’বুলি কাক সম্বােধন কৰিছে ?
উত্তৰঃ কবিয়ে বান্ধব ’ বুলি নাৰায়ণক সম্বােধন কৰিছে ।
( ছ ) মােহ – পাশ’মানে কি ?
উত্তৰঃ মােহ – পাশ ’ মানে মায়াৰ জৰী অর্থাৎমায়াৰ বান্ধোন ।
২। বৰগীতটিৰ মূলভাব লিখা ।
উত্তৰঃ মাধৱদেৱ বিৰচিত হৰি হেৰােৰে বাপ পশিলো শৰণে শীর্ষক প্রার্থনামূলক বৰগীতটো দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন । বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্রীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্রকাশ পাইছে ।
ভগৱানৰ ওচৰত শৰণ লােৱা কবিয়ে তেওঁক জীৱনে মৰণে নেৰিবলৈ ভগৱানক কাকুতি কৰিছে । যােগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে , সমস্ত বেদে যাক বিচাৰি । নাপায় , সহস্র মুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অপৰাগ ।
বিষয় – বাসনাত মত্ত কবিয়ে ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ চৰণত শৰণ লৈছে । ভকতৰ ত্রাণকর্তা ভগৱান । সেয়ে কবিয়ে ভগৱানৰ ওচৰত কাতৰভাৱে তেওঁক সংসাৰৰ মায়া মোহৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ প্রার্থনা কৰিছে ।
ভগৱানৰ দাসৰূপে নিজকে প্রতিপন্ন কৰা এই বৰগীতটোত কবিয়ে তেওঁক সংসাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ ভগৱানক খাটিছে । নিজকে ভগৱানৰ চৰণত সমৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ’বলৈ এইদৰে প্রার্থনা কৰাৰ মাজেৰে কবিৰ ভক্তিধৰ্মৰ প্রতি পৰাকাষ্ঠা প্রকাশ পাইছে ।
৩৷ বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া ।
উত্তৰঃ বৰগীতটোৰ ৰচক হ’ল শ্ৰীমন্ত শংকৰদেৱৰ প্রিয়তম শিষ্য মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ । কবি মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ খ্রীষ্টাব্দত । তেখেতেৰ পিতৃ আছিল গােবিন্দগিৰী আৰু মাতৃৰ নাম আছিল মনােমা।
বর্তমান বাংলাদেশৰ বাকাতৰাজেন্দ্র অধ্যাপকৰ টোলত গুৰুজনাই । শিক্ষা গ্রহণ কৰিছিল । ১৫২২ চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱক লগ পায় আৰু শংকৰদেৱে প্ৰৱৰ্তন কৰানৱ – বৈষ্ণৱ ধর্ম গ্রহণ কৰি ধর্মচর্চাত মনােনিবেশ কৰে ।
কবিমাধৱদেৱৰ সাহিত্যিক কৰ্মৰাজিতলতদিয়া ভাগত ভাগ কৰি দেখুৱাব পাৰি –
( ক ) আখ্যানমূলক ৰচনাঃ আদিকাণ্ড ৰামায়ণ আৰুৰাজসূয় কাব্য ।
( খ ) তত্ত্বমূলক গ্রন্থ নামঘােষা , জন্ম ৰহস্য , ভক্তি ৰত্নাৱলী আৰু নামমালিকা ।
( গ ) নাটকঃঅর্জুনভঞ্জন , চোৰধৰা , পিম্পৰা গুচোৱা , ভােজন বেহাৰ আৰুভূমি লেটোৱা ।
( ঘ ) গীতঃ বৰগীত আৰু ভটিমা ।
নামঘােষাহ’ল কবি মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ । ইয়াত এহেজাৰ ঘােষা থকা বাবে এইখনক হেজাৰী ঘােষাও বােলা হয় । মাধৱদেৱৰ বৰগীতৰ সংখ্যা হ’ল ১৫৭ টা । মাধৱদেৱৰ বৰগীতৰ মূলভাব বাৎসল্য যদিও দাস্য ভাৱৰ বৰগীতাে ৰচনা কৰিছে ।
বর্ণনাৰ সজীৱতা , ভাষাৰ মাধুর্য , কবিপ্ৰাণৰ উচ্ছ্বাস আদি সার্থকৰূপত প্রকাশ পাইছে বাবেই সংখ্যাত কম হলেও তেওঁৰ সাহিত্যকর্মই শংকৰদেৱৰ পিছতেই তেওঁৰ স্থান নির্ণয় কৰিছে । অর্থাৎ অসমীয়া সাহিত্যত ‘ জালিকটা পুষ্পহাৰ’ৰ দৰে তেওঁৰ নাম চিৰস্মৰণীয় । এইগৰাকী মহান সাহিত্যিকৰ ১০৭ বছৰ বয়সত ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰৰ ভেলা মধুপুৰত দেহাৱসান ঘটে ।
৪। ব্যাখ্যা কৰাঃ
( ক ) “ সহস্র বয়নে যাৰ নপাৱস্ত সীমা ।
অধমে জানিবাে কেনে তােমাৰ মহিমা । ”
উত্তৰঃ ব্যাখ্যেয় বৰগীতফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ ৰিচিত ‘হৰি হেৰৰে বাপ পশিলােশৰণে ’ শীর্ষক বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । বৰগীতাকিৰ মাজেৰে কবিয়ে ভগৱানৰ মহিমা প্রকাশ কৰিছে ।
বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা বিষ্ণুৰ অংশ স্বৰূপ শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পােৱাৰ কথা এই বৰগীতটোত প্ৰকাশ কৰিছে । ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ ।
সনক , সনন্দ আদি যোগসিদ্ধ পুৰুষ সকলেও যিজনক ধ্যান কৰে , সকলাে বেদে যাক বিচাৰি নাপায় , সহস্রমুখ অনন্তই যাৰ গুণ গাই শেষ কৰিব নােৱাৰে সেইজনা অৱতাৰী পুৰুৰ মহিমা কবিৰ দৰে অধমে কিদৰে জানিব ।
এইদৰে , ভগৱানৰ অপাৰ মহিমা সাধাৰণ লােক দূৰৰ কথা যােগী পুৰুষ , বেদৰাে যে জ্ঞাতনহয় , তাকে কবিয়ে প্রকাশ কৰিছে ।
( খ ) “ আতুৰ ভৈলােহাে হৰি বিষয় বিকলে ।
কৰিয়াে উদ্ধাৰ মােক চৰণকমলে । ”
উত্তৰঃ ব্যাখ্যেয় বৰগীতাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘হৰি হেৰৰে বাপ পশিলাে শৰণে’ শীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে ।
সংসাৰৰ বিষয় বাসনাত আতুৰ হৈপৰা কবিয়ে তাৰপৰা উদ্ধাৰ পাৱলৈ ভগৱানৰ । চৰণ কমলত পৰিছে ।
সংসাৰৰ মায়া – মোহৰ জৰী ডাল অতি বিচিত্র । তাৰ পৰা পৰিত্ৰাণ পােৱাৰ একমাত্র পথ , ভগৱানৰ চৰণত শৰণ লােৱা । যােগী পুৰুষ সকলৰ ধ্যানৰ বিষয় , সমস্ত বেদৰ বিচার্য , সহস্রমুখ অনন্তই যাৰ গুণ গাই অন্ত কৰিব নােৱাৰে সেইজনা পৰম পুৰুষৰ । মহিমা কবিৰ দৰে সাধাৰণ মানুহে ধৰিব নােৱাৰে । সংসাৰৰ দুখ যাতনাই কবিক অতিষ্ঠ কৰি তুলিছে ।
সেয়ে তেওঁতাৰপৰা পৰিত্ৰাণ বিচাৰি , ভগৱানক কাকুতি কৰিছে । ভগবানে যেন কবিক তেওঁৰ চৰণ কমলত ঠাই দি উদ্ধাৰ কৰে ৷ এইদৰে ভগৱানৰ ওচৰত নিজকে সমর্পণ কৰি উদ্ধাৰ লভাৰ বাসনা বৰগীত ফাঁকিৰ মাজেৰে প্রকাশ পাইছে ।
( গ ) “ তােমাৰ চৰণ দুই মােৰ মহা ধন ।
ভকত জনেৰ নিজ তুমিয়ে জীৱন । ”
উত্তৰঃ প্রশ্নোত বৰগীতাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘ হৰি হেৰৰে বাপ পশিলো শৰণে’ শীর্ষক বৰগীতটোৰ পৰা তুলি দিয়া হৈছে । ভগৱানেই ভকতৰ ত্রাণকর্তা , তেওঁৰ চৰণ যুগলেই যে ভকতৰ বাবে পৰম ধন তেনে এটি ভাৱ প্ৰকাশৰ বাবেই ব্যাখ্যেয় বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে ।
যােগসিদ্ধ পুৰুষসকলেও যাক ধ্যান কৰে , সমস্ত বেদৰ যি বিচার্য বিষয় , সহস্রমুখ । অনন্তই যাৰ গুণ গাই অন্তকৰিব নােৱাৰে , তেনেজনা অপাৰ মহিমাৰ গৰাকীভগৱানৰ মহিমা কবিৰ দৰে সাধাৰণৰ ঢুকি পােৱাৰ আঁতৰত । বিষয়বাসনাত আতুৰ হৈ পৰা লােকৰ মুক্তিৰ একমাত্র পথ হ’ল ভগৱানৰ চৰণত শৰণ লােৱাটো ।
কবিৰ বাবেও সংসাৰখন বিৰক্তিকৰ হৈপৰিছে । সেয়ে তেওঁ ভগৱানৰ চৰণত তেওঁৰবাবেঅলপমান । ঠাই বিচাৰিছে । ভকতৰ বাবে ভগবানৰ চৰণযুগলেই পৰম ধনৰ দৰে । ভকতৰ বাবে ভগৱানেই একমাত্র জীৱন স্বৰূপ । এইদৰে ভগৱানেই যে মুক্তিৰ পথ সেয়া এই বৰগীতাকিৰ মাজেৰে প্ৰকাশ পাইছে ।
৫। “ সনক সনন্দ যােগী যাহকে ধিয়ায় ,
সকল নিগমে যাক বিচাৰি নাপায় । ” —ইয়াত কবিয়ে কি প্রসংগত , কাৰ বিষয়ে কিয় , এনেদৰে কৈছে চমুকৈ লিখা ।
উত্তৰ:- ভগৱানৰ অপাৰ মহিমা প্রকাশ কৰাৰ প্রসংগত , ভগৱানৰ বিষয়ে এনেদৰে কৈছে ।
ভগৱানক পােৱাটো সহজ নহয় । সনক সনন্দ আদি যােগসিদ্ধ পুৰুষ সকলেও যিজন পৰম পুৰুষকক ধ্যান কৰে , সকলাে বেদ অধ্যয়ন কৰিলেও যাক বিচাৰি পােরা নাযায় , তেওঁৰ মহিমা অপাৰ ।
সহস্রমুখ অনন্তইও যাৰ গুণ গাই শেষ কৰিব নােৱাৰে , সেইজনা পুৰুষৰ মহিমা মাধৱদেৱেও নাজানে আৰু তেওঁ জনাতাে সম্ভৱেই নহয় বুলি কবিয়ে নিজেই কৈছে । সংসাৰৰ বিষয়বাসনাত আতুৰ হৈ তাৰপৰা মুক্তি লভিবলৈ কবিয়ে ভগৱানৰ চৰণত শৰণল’ব বিচাৰিছে । কিয়নাে ভকতৰ বাবে ভগবানেই ।
একমাত্র জীৱনস্বৰূপ । গতিকে এনেজনা পৰমপুৰুষ যিজনৰ মহিমা যােগী পুৰুষ বেদেও বিচাৰি নাপায় তেওঁৰ চৰণত শৰণ লৈ সংসাৰৰ পৰা মুক্তি পাব বুলি দৃঢ় বিশ্বাস হৈছে । সেইবাবেই করিয়ে প্রশ্নোদ্ধত বৰগীতফাকিত কৈছে ।
৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা ।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ । আৰু প্ৰসাৰৰ উদ্দেশ্যে ভগৱানৰ লীলা মাহাত্ম্য প্রকাশক এক শ্রেণীৰ উচ্চ আধ্যাত্মিক ভাৱাপন্ন গীত ৰচনা কৰে । এই গীতবােৰকে বৰগীত আখ্যা দিয়া হয় । বৰগীতৰ । কেতবােৰ সুকীয়া সুকীয় লক্ষণ আছে , যাৰবাবে এই গীত আন গীতৰ পৰা পৃথক ।
বৰগীতৰ তেনে চাবিটা লক্ষণ হল—
( ক ) বৰগীতবােৰ ৰাগ – তালযুক্ত শাস্ত্রীয় গীত ।
( খ ) বৰগীত কৃত্রিম ব্ৰজাৱলী ভাষাত ৰচিত ।
( গ ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা উচ্চ আধ্যাত্মিক ভাৱধাৰাৰ গীতকহেবৰগীত আখ্যা দিয়া হয় ।
( ঘ ) ভক্তিৰস প্রকাশক বৰগীতবােৰত দাস্য , সখ্য , বাৎসল্য , শান্ত-ৰসৰাে প্রকাশ ঘটিছে ।
১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখাঃ
নপাৱন্ত , কেনে ভৈলােহাে , তুমিসে , জনেৰ , কহয় ।
উত্তৰঃ নপাৱস্ত – নোৱাৰে ।
কেনে – কেনেকৈ ।
ভৈলােহাে – হ’লো ।
তুমিসে – তুমিহে ।
জনেৰ – জনৰ ।
কহয় – কয় ।
২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।
উত্তৰ : অসমীয়া সাহিত্যত বৈষ্ণৱ গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাৰ ব্যৱহৃত ভাষাটো ব্রজবুলি’বা ব্ৰজাৱলী’নামে জনাজাত । পঞ্চদশ শতাব্দীৰ শেষভাগৰ পৰা উনবিংশ শতাব্দীৰ শেষ ভাগলৈ অসমীয়া বৈষ্ণৱ সন্ত মহন্তসকলে এই ভাষাত গীত – নাটৰচনা কৰিছিল ।
( ক ) ব্রজবুলি ভাষা বা ব্ৰজাৱলী ভাষাত সংস্কৃত শব্দৰ প্রয়ােগ বহুলভাৱে দেখা যায় ।
খ ) এই ভাষাত আৰবী , ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দও দেখা যায় ।
( গ ) অসমীয়া ব্ৰজৱলীভাষাত বিশিষ্ট স্বৰধ্বনি মাত্র ছয়টা ই । , । এ । , । আ । , । অ , । ও , আৰু । উ ।
( ঘ ) ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্রিস্বৰৰ প্ৰয়ােগ প্রচুৰ ।
( ঙ ) ‘ ঙ ‘ ধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জনধ্বনি অসমীয়া ব্ৰজাৱলীত আদি , মধ্য , আৰু অন্তিম স্থানত উচ্চাৰিত হয়