Class 10 Assamese Chapter 10 অৰুণিমা সিনহা

SEBA Class 10 Assamese Chapter 10 Question Answer অৰুণিমা সিনহা Question Answer. Here You Can find Your Class 10 Assamese Chapter 10 (অৰুণিমা সিনহা) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 10 Question Answer Common Question Answer for Assamese Medium Students.

class 10 assamese chapter 10 question answer,class 10 assamese chapter 10 question answer assamese medium,অৰুণিমা সিনহা class 10 question answer,class 10 assamese chapter 10 question answer daily assam,class 10 assamese chapter 10 question answer pdf,class 10 assamese chapter 10 question answer seba

অৰুণিমা সিনহা
Class 10 Assamese Chapter 10
Class 10 Assamese PDF

Table of Contents

১। চমু প্ৰশ্নৰ উত্তৰ দিয়া:

(i) ‘অৰুণিমা সিন্‌হা’ প্রবন্ধটিৰ লেখক কোন ?

উত্তৰঃ ড° জয়শ্ৰী গোস্বামী মহন্ত। 

(ii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা।

উত্তৰঃ ‘চাণক্য’।

(iii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।

উত্তৰঃ ‘অন্য এক ৰত্নাকৰ’।

(iv) ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’।

(v) ড° জয়শ্রী গোস্বামী মহন্তৰ এখন প্ৰবন্ধ সংকলনৰ নাম লিখা। 

উত্তৰঃ ‘অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন’।

(vi) ড° জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ?

উত্তৰঃ ‘এদিনৰ সংবাদ’ কাকতৰ ৷

(vii) কোন চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল ?

উত্তৰঃ ২০১৮ চনত। 

(viii) অৰুণিমা সিন্‌হা দুৰ্ঘটনাত পতিত হোৱা ৰে’লগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল ?

উত্তৰঃ লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল। 

(ix) ৰে’লযাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল ?

উত্তৰঃ অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল।

(x) “এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ।”— অৰুণিমাই কিহৰ কথা কৈছে ?

 উত্তৰঃ অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।

১। অৰুণিমাৰ সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

২। অৰুণিমা সিনহাৰ ঘৰ ক’ত আছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।

৩। হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

৪। চিকিৎসালয়ৰপৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?

উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল। কিয়নো অৰুণিমাৰ আছিল হিমালয়ৰ শৃংগলৈ উঠাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব।

৫। মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

উত্তৰঃ মাউন্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত ডেৰ ঘণ্টা সময় আছিল।

৬। সন্ধি ভাঙাঃ 

সংশয়, পর্বতাৰোহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।

উত্তৰঃ সংশয় = সম + শয়।

পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ।

উৎসাহ = উৎ + সাহ।

হিমালয় = হিম + আলয়।

প্ৰত্যাহ্বান = প্রতি + আহ্বান।

বিপদাপন্ন = বিপদ + আপান।

৭। তলৰশব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা।

অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।

উত্তৰঃ অনুৰাগ = অনু + ৰাগ।

অনুভৱ = অনু + ভৱ।

অভিনয় = অভি + নয়।

প্রতিফল = প্রতি + ফল।

১/ চমুকৈ উত্তৰ লিখা : 

(ক) অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?

উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল ।

( খ ) অৰুণিমা সিনহাৰ ঘৰ ক’ত ?

 উত্তৰঃ  অৰুণিমা সিনহাৰ ঘৰ  উত্তৰ প্ৰদেশত ।

 ( গ ) হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপােনে তীব্র ৰূপ লৈছিল ? 

উত্তৰঃ  হস্পিতালত থাকোতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপােনে  তীব্র ৰূপ লৈছিল  । 

( ঘ ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ? 

উত্তৰঃ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল , এভাৰেষ্ট শৃংগ আৰােহণৰ প্রশিক্ষণ ল’বৰ বাবে ।

 ( ঙ ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰহণ কৰিছিল ? তেওঁ তাত কিমান সময় আছিল ? 

উত্তৰ : ২০১৩ চনৰ ২১ মে ’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল । 

প্রশ্ন ২। অৰুণিমা সিনহাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?

 উত্তৰ : অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত ৰে’লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ মুখামুখি হ’বলগীয়া হৈছিল । ডকাইতৰ দলে ডবাটোৰ আন যাত্রীসকলৰ পৰা ভয় দেখুৱাই , ডাবি দি টকা – পইচা , সােণৰ আ – অলংকাৰ আদি লুট কৰিছিল । যাত্রীসকলেও প্রাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলাে ডকাইতৰ হাতত অৰ্পণ কৰিছিল ।

কিন্তু সেই ভবাটোতে যাত্ৰীৰূপে যােৱা অৰুণিমা সিনহাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ ভয়কো নকৰি সিহঁতে বাৰে বাৰে খোজা সত্বেও নিজৰ গলৰ চেইনডাল নিদিলে । তেওঁ  মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা দলিওৱাদি ট্রেইনৰ বাহিৰলৈ দলিয়াই দিলে ।

সেই সময় আন এখন ট্রেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্রেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ’ল । ৰে’ল যাত্ৰাৰ সময়ত এই দুর্ঘটনাৰ তেওঁ মুখামুখি হৈছিল । এই দুর্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভৰিও চিৰদিনৰ কাৰণে ঘুণীয়া হ’ল । 

টেনজিং নৰগে :  এইজন ভাৰতীয় নেপালী লােকৰ জন্ম হয় ১৯১৪ চনৰ ২৯ মে’ তাৰিখে । তেওঁ সাধাৰণতে চেৰপা টেনজিং নামেৰেই , জনাজাত আছিল । ইংৰাজ পর্বতাৰােহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে । তেৱেই প্রথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰােহণকাৰী । ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতাে আদৰ সন্মান পায় । ১৯৮৬ চনৰ ৯ মে’ তাৰিখে দার্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে ।

Sl NoLink
1বৰগীত
2জিকিৰ
3প্ৰশস্তি
4মই অসমীয়া
5দৃশ্যান্তৰ
6উদ্যোগী হওঁ আহাঁ
7ভাৰতীয় সংস্কৃতি
8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9ইন্টাৰনেটৰ তিতা – মিঠা
10অৰুণিমা সিনহা
11অৰণ্য যাত্ৰা
12পাৰস্যত এভুমুখি
13কানাইৰ চাতুৰী
14ধৰ ঝাড়ু ধৰ ভাই
15 বিষাদযোগ
16প্রাচীন ভাৰতীয় শিক্ষা
17বৈচিত্র্যময় অসম

Leave a Comment