Here is Your Class 10 Assamese Chapter 13 Summary কানাইৰ চাতুৰী | দশম শ্ৰেণী অসমীয়া কানাইৰ চাতুৰী সাৰাংশ , দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 13 Summary. SEBA অসমীয়া Class 10 Assamese Question Answer so that you can Make Your understanding Eassyly. SEBA Class 10 Assamese Chapter Chapter 13 Summary কানাইৰ চাতুৰী সাৰাংশ
Class 10 Assamese Chapter 13 Summary কানাইৰ চাতুৰী
কানাইৰ চাতুৰী সাৰাংশ
কানাইৰ চাতুৰী পাঠটিত শ্রীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্ৰদৰ্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গোপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশোদাৰ ওচৰত তেওঁলোকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সোনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰোধ কৰে। যশোদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তোষামোদ কৰিলে যদিও একোতে সৈমান নোহোৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্ৰ নামটো শোভা নাপায়। তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব, আনকি গৰু চৰাবলৈয়ো নাযায়।
কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গোৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্ৰষ্টা আৰু প্ৰতিপালক হৈয়ো মই তোমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ। নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ, মোৰ নাভিপদ্মৰ পৰাই ব্ৰহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মাৰ যোগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালো। তোমাৰ ঘৰলৈ আহি মোৰ সকলো ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মোক চিন্তা কৰাত মোৰ চতুর্ভুজ ৰূপ দেখি ত্ৰিদশৰ সকলো মোহিত হৈছিল। এতিয়া তুমি মোক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।
মোহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মোক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলোঁ। কিন্তু, তুমি মোক মাটিখোৱা বুলি ককর্থনাহে কৰিলা। মোৰ ইমানবোৰ মহিমা দেখাৰ পাছতো তোমাৰ মনত আক্রোশৰ শেষ নাই। ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তোমাক হাঁহিলে। মই’ পুত্ৰৰূপে উপজি তোমাৰ সেই দুখ দূৰ কৰিলোঁ। তথাপিও তুমি মোৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়ো তুমি ছয়ৰতি খৰচ কৰি মোক এটা সোণৰ বাঁহী বনাই দিব নোৱাৰিলা। বাঁহৰ বাঁহী বজাই মোৰ দুই ওঁঠ ফাটি গৈছে, তালৈ তোমাৰ ভ্রূক্ষেপ নাই। তুমি এনেদৰে কাৰবাবে ধনবোৰ সাঁচি থৈছা? এনেকৈ সাঁচোতে সাঁচোতে তোমাৰ ধনত জুই লাগিব। গৰু চৰাবলৈ যাওঁতে মই ভোক গুচাই ভাত খাবলৈ নাপাওঁ। দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰোতে দৌৰোতে মোৰ অৱস্থা নোহোৱা হয়।
গৰু চৰাওঁতে ধূলি লাগি মোৰ কেঁকোৰা চুলিত জঁট বান্ধে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পোৱা নাই। এইবোৰ কথা ক’বলৈ গ’লে মোৰ চকুলো নিগৰি পৰে। ইমানবোৰ দুখ-কষ্ট সহ্য কৰিব নোৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তোমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ। তেতিয়াহে তুমি মোৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশোদাই পুত্ৰ কৃষ্ণক তোষামোদ কৰিবলৈ ধৰিলে আৰু ক’লে যশোদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেবে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশোদায়ো কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।