Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই

SEBA Class 10 Assamese Chapter 14 Question Answer ধৰ ঝাড়ু ধৰ ভাই Question Answer. Here You Can find Your Class 10 Assamese Chapter 14 (ধৰ ঝাড়ু ধৰ ভাই) Question Answer. here is Your Class 10 Assamese Chapter 14 Question Answer Common Question Answer for Assamese Medium Students.

১। অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

২। সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ সময়ৰ তৰপে তৰপে গোট খাই থকা জাবৰ- জোঁথৰ, মলি, ভেৰণি অর্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতামপুৰুষীয়া ‘সোণৰ চোতাল – ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে।

৩। জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰঃ বীৰ বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে।

৪। কৰিয়ে চাই থাকোঁতে মূখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কবিয়ে চাই, থাকোঁতে কাজল-ছাই অর্থাৎ পৰাধীনতাৰ কলঙ্ক, কালিমাৰে মুখ ভৰি পৰিল বুলি কৈছে।

প্রশ্ন ২। ‘হ’ল এৱে তােৰ সময় হ’বৰ 

            জাতিৰ ঝাড়ুদাৰ যে ভাই ।’

     —ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাড়ুদাৰ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে ? 

উত্তৰঃ বহু বছৰ ধৰি ভাৰতীবাসীয়ে ব্রিটিছৰ গােলামী কৰি ‘ ধাৰে – ঋণে জীৱন দিয়ে ‘ হিনে – ঘিণে তেওঁলােকৰ চৰণৰ পূজা কৰি থাকিল । ভাৰতবাসীৰ মাজত ‘ হিংসা – দ্বেষৰ , ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ ভেমৰ কত কি যে মলি মামৰ পৰি ‘সােণৰ চোতাল – ঘৰ’ত ক’ত যুগৰ ভূহৰ পৰি ’ পােত খালে , মুখত ‘কাজল – ছাই ’ পৰিল ।

এইবােৰ সাৰি – পুচি আঁতৰাই ভাৰতবৰ্ষৰ তথা অসমক পৰিষ্কাৰ কৰিবলৈ ‘জাতিৰ ঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি কবিয়ে সকলোকে সকীয়াই দিছে । নহ’লে চিৰকালেই ভাৰতবাসী তথা অসমবাসীয়ে গােলামি কৰি দুর্বিসহ জীৱন কটাব লাগিব ।

প্রশ্ন ৩।    ‘নহ’লে যে বিশ্বসভাত 

                নহ’ব তােৰ বহাৰ ঠাই । ”

                   –বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে ? 

উত্তৰঃ কবিতাটি ৰচনাৰ সময়ত ভাৰতবর্য ব্রিটিছৰ অধীনত আছিল । পৰাধীন দেশে কেতিয়াও সুসভ্য জাতিৰ বিশ্বসভাত বহাৰ সুযােগ নাপায় ৷ সেয়ে ভাৰতবাসীৰ মাজত থকা হীনমন্য ভাব , হিংসা – দ্বেষৰ ভেদাভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থ – ভেমৰ মলি – মামৰবােৰ আঁতৰাই বীৰ বেশেৰে পৰাধীনতাৰ শিকলি চিঙি জাতিৰ জীৱন মনােহৰ কৰিব পাৰিলেহে ভাৰতবাসীয়ে বিশ্বসভাত বহাৰ ঠাই পাবলৈ সক্ষম হ’ব বুলি কবিয়ে সকীয়াই দিছে । 

প্রশ্ন ৪। ‘ ধৰ ঝাড়ু ধৰ ভাই ‘ — কবিতাটিৰ মূলভাৱ লিখা । 

উত্তৰঃ দেশপ্রেমী বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱৰ ‘ধৰ ঝাড়ু ধৰ ভাই ’ কবিতাটি ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধনীতাৰ কাৰণে যুঁজাৰ কাৰণেই সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল । তােমাৰ ভিতৰত ঝাড়ু ধৰি তেওঁ পায়খানা আদি সাৰি – পূচি ঘৰ দুৱাৰ চিকুণাই তােলাৰ দৰে ইমান দিনে ব্রিটিছৰ গােলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , ভেম – অহংকাৰৰ যিবােৰ মলি – মামৰ গােট খালে তাক সকলােৱে মিলিজুলি , সাৰি – পুছি আমাৰ অন্তৰখন , আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে ।তেতিয়াহে আমাৰ গােলামীৰ শিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্ত হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ’ব পাৰিব , বিশ্বৰ সভাৰ সভ্য জাতিৰ একে শাৰীতে বহাৰ সুযােগ লাভ কৰিব । সেয়ে সকলােকে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ.কবিয়ে আহ্বান জনাইছে । 

প্রশ্ন ২। ব্যাখ্যা কৰা । 

( ক )     ‘ হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , 

               ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ 

               কত যে কি মলি – মামৰ 

               ভৰি জাতিৰ জীৱন য়ায় । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘ অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ বচিত ‘ ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটিৰ অন্তৰ্গত । 

দেশপ্রেমিক কবিয়ে দেশক পৰাধীনতাৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জন – গণক বীৰ বেশেৰে আগবাঢ়ি আহিবলৈ উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে কবিতা ফাঁকিৰ উল্লেখ কৰিছে ।

বহু বছৰ ধৰি ব্রিটিছৰ গােলামী কৰি ভাৰতৰ জন – গণ অজ্ঞান আন্ধাৰত ডুব গৈ থকাৰ কাৰণে  পৰস্পৰৰ ভিতৰত হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঘৃণিৰ , স্বার্থপৰতা , ভেম – অহংকাৰ আদি কদর্য মলি স্বৰূপ আবৰণে গােটেই জাতিটোকে নিঃস্ব কৰি ৰাখিছে । জাতিটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে । সেয়ে এইবােৰ আঁতৰাই জাতিটোক উদ্ধাৰ কৰিবলৈ বীৰ বেশেৰে ওলাই আহিবলৈ কবিয়ে সকলােকে আহ্বান জনাইছে ।

( খ )       ‘ধৰ ঝাড়ু ধৰ ভাই ! 

               আৰু চাবৰ সময় নাই  

               চাই থাকোঁতে মুখত কেৱল 

               ভৰিল কাজল ছাই ।” 

উত্তৰঃ উদ্ধৃত কবিতাফাকি ‘অসম কেশৰী ’ বিপ্লৱী কবি অম্বিকাগিৰী ৰায়চৌধুৰীদেৱ ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটি অন্তর্গত । 

পৰাধীনতাৰ কৱলত পৰি হিংসা – দ্বেষৰ , ভেদা – ভেদ আদিৰ মলি – মামৰে কদর্য হৈ পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে । 

Class 10 Assamese PDF

কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে ভাৰতবাসীয়ে পৰাধীনতাৰ কৱলত পৰি অজ্ঞান অন্ধকাৰৰ কাৰণে নিজৰ ভিতৰতে হিংসা – দ্বেষৰ , ভেদা – ভেদৰ , ঘৃণা – ঋণিৰ, স্বার্থ – ভেমৰ মলি – মামৰেৰে নিজেই ডুব গৈছে । দেশ – জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা । এই অৱস্থা চাই থাকিও যেন জন – গণৰ জ্ঞান অহা নাই ; মুখত ‘ কাজল – ছাই ’ পৰা মানুহৰ দৰে নিবােকা হৈ চাই আছে ।

এই দেশ জাতি নিঃশেষ হ’বলৈ ধৰা অৱস্থাত চাই থাকিবৰ আৰু সময় নাই । ঝাড়ুৰে অপৰিষ্কাৰ ঠাই সাৰি – মছি পৰিষ্কাৰ কৰাৰ দৰে বীৰ – বেশেৰে সকলােৱে ওলাই আহি আমাৰ মাজত থকা হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি মিছা ভেম অহংকাৰবােৰ আঁতৰ কৰিবৰ হ’ল বুলি কবিয়ে সকলােকে সকীয়াই দিছে । 

প্রশ্ন ৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশ প্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা । 

উত্তৰঃ  ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ কবি অম্বিকাগিৰী ৰায়চৌধুৰীক এগৰাকী বিপ্লৱী কবি বুলি কোৱা হয় । তেওঁ বিপ্লৱ কৰিছিল স্বদেশ প্রেমত বলিয়ান হৈ স্বদেশৰ স্বাধীনতাৰ কাৰণে । এই বিপ্লৱী ভাব তথা স্বদেশ প্ৰেমৰ ভাব তেওঁৰ প্ৰায়বােৰ কবিতা , লিখনিৰ আৰু কাৰ্য-কৰণৰ মাজেৰে পৰিস্ফুট হৈ আহিছে । তেওঁৰ তেনে এটি কবিতা হ’ল ‘ধৰ ঝাড়ু ধৰ ভাই’ ।

স্বদেশ প্রেমৰ কাৰণে হক কথা কওঁতে , কাম কৰোঁতে তেওঁ সশ্রম কাৰাবাস খাটিব লগীয়া হৈছিল আৰু সেই কাৰাবাসৰ সময়ত পায়খানা আদি ঝাড়ুধৰি সাৰি – পুছি পৰিষ্কাৰ কৰিব লগীয়া হােৱা অৱস্থাতেই তেওঁৰ এই কবিতাটিৰ সৃষ্টি হৈছিল । এই কথাৰ পৰাই বুজিব পাৰি কবিতাটিত স্বদেশ প্রেমৰ সুন্দৰ ভাব – ৰাশি নিহিত হৈ আছে । 

ঝাডুৰে মলি – মামৰ সাৰি – পুছি পৰিষ্কাৰ কৰাৰ বাবে তেওঁ পৰাধীনতাৰ কৱলত থকা নজৰ দেশখনকো হিংসা – দ্বেষ , ভেদা – ভেদ , ঘৃণা – ঘৃণি , ভেম – অহংকাৰ আদিৰ মলি – মামৰবােৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ জনগণক কবিতাটিৰ আৰম্ভণিতেই আহ্বান জনাইছে । 

            ধৰ ঝাড়ু ধৰ ভাই 

            আৰু চাবৰ সময় নাই— 

            চাই থাকোঁতে মুখত কেৱল 

            ভৰিল কাজল – ছাই । 

স্বদেশৰ এনে দুর্গতি , ধ্বংসলীলা কবিয়ে আৰু চাই থাকিব নােৱৰা হৈছে । অজ্ঞান আন্ধাৰত ডুব গৈ এনেদৰে চাই থাকোতেই চাৰিওফালে যেন স্বদেশৰ , স্বদেশবাসীৰ মুখত ছাই পৰি লেতেৰা কৰি পেলাইছে । এসময়ৰ গৌৰৱময় ভাৰত আজি নিঃস্ব , নিঃশেষ হ’বলৈ ধৰিছে । তেওঁ খেদ কৰি কৈছে –

           সাতাম পুৰুষৰ 

           আহা ! সােণৰ চোতাল – ঘৰ 

           ক’ত যুগৰ ভূহৰ পৰি  

           আছে যে পােত খাই । 

সেই কাৰণেই তেওঁ ব্যথিত অন্তৰেৰে আমাৰ মাজত থকা সকলাে প্ৰকাৰৰ হিংসা দ্বেষৰ , ভেদা – ভেদ , ঘৃণা – ঘৃণিৰ , স্বার্থ ভেমৰ ভাব পাহৰি একগােট হৈ নিজৰ দেশ , জাতি উদ্ধাৰ কৰিবলৈ জনগণক উদাত্ত কণ্ঠেৰে আহ্বান জনাইছে–

          বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ 

          জাতিৰ জীৱন কৰ মনােহৰ 

তেতিয়াহে ভাৰতবাসীয়ে বিশ্বৰ সভ্য সমাজৰ সভাত একেলগে বহাৰ ঠাই পাব । ইয়াৰ ব্যতিক্রম হলেই আমাৰ বিপদ –

         নহ’লে যে বিশ্বসভাত 

         নহ’ব তােৰ বহাৰ ঠাই–বুলি সকীয়াই দিছে । 

প্রশ্ন ১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্যৰচনা কৰা : 

(ক) হীনে-ঘিণে। 

(খ) ধাৰে-ঋণে।

(গ) ঘৃণা-ঘৃণি।

(ঘ) জাহি-জাবৰ। 

(ঙ) সাৰি-পুছি।

(চ) মলি-মামৰ।

উত্তৰ:- 

(ক) হীনে-ঘিণে : উপায় বিহীন লোকেহে হীনে-ঘিণে হ’লেও আনৰ জেলামি কৰিবলৈ বাধ্য হয়।

(খ) ধাৰে-ঋণে : ক্ষুধা আছে বাবেই মানুহে ধাৰে-ঋণে হ’লেও পেটৰ ক্ষুধা নিবাৰণ কৰিবলগাত পৰে।

(গ) ঘৃণা-ঘৃণি : আনৰ প্রতি ঘৃণা-ঘৃণি কৰাটো সজ লোকৰ কৰ্ম নহয়। 

(ঘ)জাহি জাবৰ : বহুদিন পৰিয়ালটো ঘৰত নথকাত চোতালখন জাহি-জাবৰে ভৰি পৰিছে।

(ঙ) সাৰি-পুছি : পুৱা-গধূলি মানুহে ঘৰ-চোতাল সাৰি-পুছি ঘৰখন পৰিষ্কাৰকে ৰাখে।

(চ) মলি-মামৰ : অস্ত্র-শস্ত্ৰৰ মলি-মামৰ গুচাই নাথাকিলে অস্ত্রশস্ত্ৰ ভোটা হৈ পৰে। 

২। তলৰ শব্দবোৰৰ মূর্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শানা : 

(ক) সোণ।

(খ) ঘৃণা।

(গ) ঋণ।

উত্তৰ:- (ক) সোণ — স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।

(খ) ঘৃণা — ‘ঋ’ কাৰৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়। 

(গ) ‘ঋণ’ — ‘ঋ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

Sl NoLink
1বৰগীত
2জিকিৰ
3প্ৰশস্তি
4মই অসমীয়া
5দৃশ্যান্তৰ
6উদ্যোগী হওঁ আহাঁ
7ভাৰতীয় সংস্কৃতি
8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9ইন্টাৰনেটৰ তিতা – মিঠা
10অৰুণিমা সিনহা
11অৰণ্য যাত্ৰা
12পাৰস্যত এভুমুখি
13কানাইৰ চাতুৰী
14ধৰ ঝাড়ু ধৰ ভাই
15 বিষাদযোগ
16প্রাচীন ভাৰতীয় শিক্ষা
17বৈচিত্র্যময় অসম

৩। বিপৰীত শব্দ লিখা :

(ক) ঘৃণা।

(খ) স্বার্থ।

(গ) জীৱন।

(ঘ) বীৰ।

উত্তৰ:-  

শব্দবিপৰীত শব্দ
(ক) ঘৃণাআদৰ, সমাদৰ
(খ) স্বাৰ্থৰ্নিস্বার্থ
(গ) জীৱনমৰণ
(ঘ) বীৰভীৰু

Leave a Comment