SEBA Class 10 Assamese Chapter 16 Question Answer প্রাচীন ভাৰতীয় শিক্ষা Question Answer. Here You Can find Your Class 10 Assamese Chapter 16 (প্রাচীন ভাৰতীয় শিক্ষা) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 16 Question Answer Common Question Answer for Assamese Medium Students.
Class 10 Assamese Chapter 16 Question Answer
প্ৰাচীন ভাৰতীয় শিক্ষা class 10,prachin bhartiya shiksha class 10,class 10 assamese prachin bhartiya shiksha question answer,class 10 assamese chapter 16 all question answer,class 10 assamese chapter 16 question answer seba,class 10 assamese chapter 16,class 10 Assamese question answer,class 10 Assamese,polakh changmai class 10 Assamese
Class 10 Assamese Chapter 16
প্রাচীন ভাৰতীয় শিক্ষা
Table of Contents
Question: তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম লিখা।
উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্ৰৰ নাম হ’ল—জীৱক, পাণিনি, চাণক্য।
Question: তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল?
উত্তৰঃ তক্ষশীলা প্ৰাচীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ শিক্ষা কেন্দ্ৰ আছিল। এই বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী বিভিন্ন দেশৰ পৰা আহিছিল। তক্ষশীলালৈ তলত উল্লেখ কৰা দেশবোৰৰ পৰা ছাত্ৰ আহিছিল:
1. ভাৰতৰ বিভিন্ন অঞ্চল: সমগ্ৰ ভাৰতৰ পৰা শিক্ষাৰ্থী আহিছিল। ইয়াত বিশেষকৈ উত্তৰ ভাৰতৰ পৰা অধিক ছাত্ৰ উপস্থিত আছিল।
2. চীন: চীনৰ পৰা বহু শিক্ষাৰ্থী তক্ষশীলা আহিছিল বৌদ্ধ ধৰ্ম আৰু বৌদ্ধ সাহিত্য অধ্যয়ন কৰিবলৈ।
3. কোৰিয়া: কোৰিয়াৰ পৰা শিক্ষাৰ্থী আহিছিল বৌদ্ধ ধৰ্মৰ শিক্ষা গ্ৰহণ কৰিবলৈ।
4. মংগোলিয়া: মংগোলিয়াৰ পৰা ছাত্ৰ আহিছিল বৌদ্ধ ধৰ্ম আৰু অন্যান্য জ্ঞানৰ সন্ধানত।
5. গ্ৰীকো-ৰোমান: কিছু গ্ৰীক আৰু ৰোমান শিক্ষাৰ্থীও তক্ষশীলা আহিছিল, বিশেষকৈ যেতিয়া আলেকজাণ্ডাৰ মহানৰ আগমন হৈছিল।
6. মধ্য এছিয়া: ইৰান, আফগানিস্তান আৰু অন্যান্য মধ্য এছিয়াৰ অঞ্চলৰ পৰা শিক্ষাৰ্থী আহিছিল।
তক্ষশীলা বিশ্ববিদ্যালয়ৰ মহিমা আৰু শিক্ষাৰ মানক আধুনিক বিজ্ঞান, চিকিৎসাশাস্ত্র, দর্শন, বৌদ্ধ ধৰ্ম, আৰু অন্যান্য বহু বিষয়ত বিখ্যাত আছিল, যাৰ ফলত এই বিশ্ববিদ্যালয়ত শিক্ষাৰ্থী বিভিন্ন স্থানৰ পৰা আহিছিল।
Question: নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?
উত্তৰঃ নাগার্জুন আছিল শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ এজন শিক্ষক। নাগার্জুন আৰু তেওঁ শিক্ষকতা কৰা বিশ্ববিদ্যালয়খন অম্রাৱতী নগৰত আছিল।
Question: নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন আছিল?
উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ হিউৱেন-চাং ক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। আৰু তেখেতক নিমন্ত্ৰণ কৰা ৰজাজন আছিল সপ্তম শতিকাৰ কামৰূপৰ প্ৰখ্যাত ৰজা ভাস্কৰ বৰ্মন।
Question: উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিছিল?
উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ত এটা বহুমূলীয়া পুথিভঁৰাল আছিল যিটো পুথিভঁৰালক দ্বাদশ শতিকাৰ শেষৰ ফালে মহম্মদ বিন বখতিয়াৰৰ নেতৃত্বত পাৰ্চী পৰা অহা মোগলসকলে ১২০২ খৃষ্টাব্দত ধ্বংস কৰিছিল।
Question: কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলন ক্ষেত্ৰ আছিল?
উত্তৰঃ বিক্রমশীলা বা দেৱবিহাৰ বিশ্ববিদ্যালয়, ৰজা বিক্রমাদিত্যৰ ৰাজত্ব কালত ভাৰতবৰ্ষৰ সকলো পণ্ডিত লোকসকলৰ মিলন ক্ষেত্র আছিল।
Question: প্রথম অসমীয়া চনেট কবিতাটোৰ নাম কি? কবিতাটোৰ ৰচক কোন?
উত্তৰঃ প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম প্ৰিয়তমাৰ চিঠি কবিতাটোৰ ৰচক হৈছে হেমচন্দ্ৰ গোস্বামী।
Question: হেমকোষ কি? হেমকোষ কাৰ দ্বাৰা ৰচিত হয় আৰু কিমান চনত ?
উত্তৰঃ হেমকোষ হ’ল অসমীয়া ভাষাৰ অভিধান। ইয়াৰ ৰচক হৈছে হেমচন্দ্ৰ গোস্বামী। হেমকোষক ১৯০০ চনত প্ৰকাশ কৰি উলিওৱা হয়।
(ইংৰাজী: Hemkosh) হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণিত অসমীয়া ভাষাৰ প্ৰথম ব্যুৎপত্তিগত অভিধান। ইয়াক ১৯০০ চনত পি. আৰ. গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল)
Question: অসম সাহিত্য সভাৰ কোনখন অধিবেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰিছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত (১৯২০) হেমচন্দ্র গোস্বামীয়ে সভাপতিত্ব কৰিছিল।
Question: জীৱক কোন আছিল?
উত্তৰঃ জীৱক তক্ষশীলা বিশ্ববিদ্যালয়ৰ আয়ুৰ্বেদ শিক্ষক অত্ৰেয় মুনিৰ শিষ্য আছিল। তেওঁ বুদ্ধদেৱৰ চিকিৎসক আছিল।
Question: নাগার্জুন কোন?
উত্তৰঃ নাগার্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক।
Question: চাণক্য কোন? তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম লিখা ৷ তেওঁক আৰু কি কি নামেৰে জনা যায়।
উত্তৰঃ চাণক্য আছিল মৌর্য বংশীয় ৰজা চন্দ্ৰগুপ্তৰ এজন ব্ৰাহ্মণ মন্ত্ৰী। তেওঁ ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম হ’ল অৰ্থশাস্ত্ৰ। তেওঁক বিষ্ণুগুপ্ত আৰু কৌটিল্য নামেৰেও জনা যায়।
Question: হেমচন্দ্ৰ গোস্বামী ক’ত আৰু কিমান চনত জন্ম হয়?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ১৮৭২ চনত গোলাঘাট জিলাৰ ঢেকিয়ালত জন্ম হৈছিল।
Question: হেমচন্দ্র গোস্বামীয়ে ৰচনা কৰা চাৰিখন গদ্য পুথিৰ নাম লিখা।
উত্তৰঃ (ক) কথা গীতা।
(খ) পুৰণি অসম বুৰঞ্জী।
(গ) অসমীয়া সাহিত্যৰ চানেকি আৰু
(ঘ) কামৰত্ন তন্ত্ৰ।