প্ৰশস্তি – Class 10 Assamese Chapter 3 Question Answer

SEBA Class 10 Assamese Chapter 3 Question Answer প্ৰশস্তি Assamese Medium Question Answer. Here You Can find Your Class 10 Assamese Chapter 3 (প্ৰশস্তি ) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 3 Question Answer Common Question Answer for Assamese Medium Students.

প্ৰশস্তি Class 10

class 10 assamese lesson 3 question answer,প্ৰশস্তি,class 10 Assamese,class 10 Assamese Question answer,class 10 Assamese book question answer,class 10 assamese syllabus 2021 seba,class 10 assamese chapter 3 question answer,দশম শ্ৰেণীৰ অসমীয়া,দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা,polakh changmai class 10,প্ৰশস্তি class 10

Class 10 Assamese Chapter 3 Question Answer
প্রশ্ন ৩। ‘প্রশস্তি’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ : প্ৰশক্তি কবিতাটোত্ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ আৰাধনা
কৰিছে। প্রশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। ৰাতিপুৱাৰ সূৰ্যৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছ-বনে প্রকৃতিক ন ৰূপত সজাই তুলিছে, চৌদিশে ফুলি থকা বিবিধ ৰঙৰ ফুলবোৰৰ প্ৰাণ আনন্দৰে ভৰি পৰিছে। চৰাই-চিৰিকতিবোৰেও গছৰ ডালে ডালে পৰি আনন্দত নানান সুৰত গীত গাই যেন দেৱতাৰহে সন্ধান কৰিছে। অমৃতৰ সন্ধান কৰিছে। অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি যাবলৈ আহ্বান জনাইছে। কীচক বেণুৱে বতাহত স্ৰষ্টাৰ গান জুৰিছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে। প্ৰকৃতিৰ সন্মোহনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সোমাই আছে। এক আধ্যাত্মিক সুৰ কবিতাটোত উপলব্ধ কৰিব পাৰি।

প্ৰশস্তি MCQ And Short Question Answer 

১। ৰঘুনাথ চৌধাৰীক কবি বুলি জনা যায়?

উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি নামেৰে জনা যায়।

২। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ সাদৰি, কেতেকী, দহিকতৰা।

৩। প্রকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ প্রকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে।

৪। মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যঁচা বুলি কবিয়ে কৈছে।

৫। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

৬। মহামহিমৰ গান কিহে গায় বুলি কবিরে কৈছে?

উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিরে কৈছে।

৭। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

৮। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।

৯। অর্থ লিখা:

উত্তৰঃ কিশলয় – গছৰ কুঁহিপাত বা গজালি।

চিত্তহাৰী – মন হৰণ কৰিব পৰা।

অন্তৰীক্ষ – ভিতৰ, গৰ্ভ। 

তন্দ্রালস – টোপনি যোৱা অৱস্থা, শ্ৰান্ত – ক্লান্ত।

কুসু্ম – ফুল।

কুকুম – প্রসাধন সামগ্রী বিশেষ।

বসুধা – পৃথিৱী।

ঊষা – সূর্য।

তান – ৰাগ।

কীচক – এবিধ বাঁহ।

ঋত্বিক – পুৰোহিত।

চামৰ – চোঁৱৰ, চুঁৱৰী পছৰ নেজৰ মুঠা।

বন-বিহঙ্গ – বনৰ চৰাই।

ক্লেদ – বোকা।

পৰিমল – সুগন্ধ।

পুঞ্জীভূত – সঞ্চিত।

১০। বাক্য ৰচনা কৰা:

দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ

উত্তৰঃ দশোদিশ – পুৱাৰ ৰাঙলী সুৰুযে দশোদিশে উজ্বলাই তুলিছে।

উপেক্ষিত – পৰিয়ালৰ কাৰণে নিজৰ সুখ-সুবিধা ত্যাগ কৰিও তেওঁ আজি পৰিয়ালৰ দ্বাৰাই উপেক্ষিত।

জৰাজীৰ্ণ – মানুহজনৰ জৰাজীৰ্ণ পোছাকেই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিচয় দিছে।

অমৃত – ল’ৰাজনৰ অমৃত সদৃশ মিঠা মাতষাৰে সকলোকে বিমোহিত কৰে।

মোহ – ঠাইখনৰ প্ৰাকৃতিক সৌন্দর্যৰ মোহত পর্যটক সকল ঘনাই আহিবলৈ বিচাৰে।

১১। সমার্থক শব্দ লিখা।

তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।

উত্তৰঃ তৰু – গছ।

মুক্তি – মুকুতি।

সুমধুৰ – শুৱলা।

অভিযান – কোনো এটা উদ্দেশ্যৰ বাবে কৰা যাত্রা।

ধ্যানী – মনযোগী।

Sl NoLink
1বৰগীত
2জিকিৰ
3প্ৰশস্তি
4মই অসমীয়া
5দৃশ্যান্তৰ
6উদ্যোগী হওঁ আহাঁ
7ভাৰতীয় সংস্কৃতি
8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
9ইন্টাৰনেটৰ তিতা – মিঠা
10অৰুণিমা সিনহা
11অৰণ্য যাত্ৰা
12পাৰস্যত এভুমুখি
13কানাইৰ চাতুৰী
14ধৰ ঝাড়ু ধৰ ভাই
15 বিষাদযোগ
16প্রাচীন ভাৰতীয় শিক্ষা
17বৈচিত্র্যময় অসম

২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।

উত্তৰ : কবিতাটোত কবিয়ে প্রকৃতিৰ অন্তৰীক্ষ নারী আকাশ ; সূৰ্য্য , জল – মাটি , গছৰ কুঁহিপাত – গজালি – কোহ – ফুল , চৰাই – চিৰিকটি আদিবস্তুৰ কথা উল্লেখ কৰিছে ।

৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?

উত্তৰঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে । কিয়নাে প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে

৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিবৰি লিখা ।

উত্তৰঃ প্ৰকৃতিৰৰূপ আৰাধনাৰ আঁৰত কবিৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি’কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে । প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে ।

পােহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে , জল – স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে । সেইদৰে গছ বন , ফুল – ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে , চৰাই চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।

৫। প্রশস্তি কবিতাটোৰ মূলভাব লিখা ।

উত্তৰঃ কবিৰঘুনাথ চৌধাৰীৰ ‘প্রশস্তি’নামৰ কবিতাটোৰ জৰিয়তে প্রকৃতিৰ সৌন্দর্যৰ বর্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকীৰ্তন কৰিছে । ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে । প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে । সৃষ্টিকর্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে ।

পুৱাৰ পূৱাকাশত ৰাঙলী সূৰুযে ভূমুকি মৰাৰ লগে লগে দশােদিশ উজ্জ্বল হৈ পৰে। আকাশে বতাহে , গছ – বনে প্রকৃতি সকলােতেন সাজেৰে সজ্জিত হৈ পৰে । প্ৰকৃতিৰ চৰাই – চিৰিকটি , গছ – লতিকা , ফুল – ফলবােৰৰ আনন্দেৰে ভৰি পৰিছে।চৰাই চিৰিকটিৰ গানে যেন সকলােতে দেৱতাৰহে সন্ধান কৰিছে ।

সদ্যস্নাতা প্ৰকৃতিৰ চৰাই চিৰিকটিয়ে সুমধুৰ সংগীতৰ মূৰ্চনাৰে যেন সকলােতে দেৱতাৰহে সন্ধান কৰিছে । সেইদৰে অমৃত সন্তান মানুহেও আন্ধাৰৰপৰা পােহৰ অভিমুখে বাট বিচাৰি ফুৰিছে । প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে ভক্তসকলক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে 

১। অর্থ লিখাঃ

কিশলয়, চিত্তহাৰী,অন্তৰীক্ষ , তন্দ্রালস ।

উত্তৰঃ কিশলয় ― কুঁহিপাত
চিত্তহাৰী — মন – প্রাণ হৰি নিয়া
অন্তৰীক্ষ — আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
তন্দ্রালস ― শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।

২। বাক্য ৰচনা কৰা

দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।

উত্তৰ :

দশােদিশ :- কুলি – কেতেকীৰ মাতে দশােদিশে বসন্তৰ বতৰা বিলাই দিলে ।

উপেক্ষিত :- উপেক্ষিত ঊর্মিলাইলক্ষ্মণৰ সৈতে বনবাসলৈ যাবলৈ নাপালে

জৰাজীর্ণ :- একমাত্র পুত্ৰৰ অৱহেলাত বুঢ়ীগৰাকীয়ে জৰাজীর্ণ ঘৰটোতেই থাকিবলগীয়া হ’ল ।

অমৃত :- সাগৰ মন্থন কৰােতে ওলােৱা অমৃত খাই দেৱৰ্তাসকলে হেনাে অমৰত্ব পালে ।

মােহ :– সন্তানৰ মােহত আচ্ছন্ন হােৱাটোও অনুচিত ।

৩। সমার্থক শব্দ লিখা

তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।

উত্তৰঃ তৰু ― লতা , লতিকা
মুক্তি ― মুকলি , ৰেহাই
সুমধুৰ ― সুমিষ্ট
ধ্যানী — তপস্বী

Leave a Comment