SEBA Class 10 Assamese Chapter 9 Question Answer ইন্টাৰনেটৰ তিতা – মিঠাQuestion Answer. Here You Can find Your Class 10 Assamese Chapter 9 (ইন্টাৰনেটৰ তিতা – মিঠা) Question Answer And it’s Explanation. here is Your Class 10 Assamese Chapter 9 Question Answer Common Question Answer for Assamese Medium Students.
Class 10 Assamese Chapter 9 Question Answer
Class 10 Assamese Chapter 9 Question Answer,Class 10 Assamese Chapter 9 Question Answer Assamese Medium,Class 10 Assamese lesson 9 Question Answer,Class 10 Assamese ইন্টাৰনেটৰ তিতা মিঠা,ইন্টাৰনেটৰ তিতা মিঠা Class 9,SEBA Class 10 Assamese Question Answer
ইন্টাৰনেটৰ তিতা – মিঠা
Class 10 Assamese Chapter 9
Table of Contents
১। দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উত্তৰঃ কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম স্থানত উত্তীৰ্ণ হোৱা বাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।
২। ইন্টাৰনেট কি?
উত্তৰঃ ইণ্টাৰনেট (Internet) অর্থাৎ Interconnection of Networks. ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপি এক ব্যৱস্থা। (The Internet is a vast network that connects computers all over the world)
৩। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উত্তৰঃ কুঁৱলীয়ে প্রথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিলে।
৪। পূজাৰ বন্ধত কুঁৱলীহঁত ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?
উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ ফালে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লেছিল।
৫। ভাইৰাচ কি?
উত্তৰঃ ভাইৰাচৰ সম্পূৰ্ণ ইংৰাজী ৰূপ হৈছে Vital information resources undu seize. ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম।
৬। WWW বা ৱেব কি?
উত্তৰঃ WWW বা ৱেব হৈছে পৃথিৱীজুৰি সিচঁৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতি সমূহৰ সামূহিক ভাণ্ডাৰ।
৭। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱী সকলৰ পৰা কি কি কথা জানিব পাৰিলে?
উত্তৰঃ কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুস অভিজ্ঞতাৰ কথা জানিবলৈ পালে।
৮। বাক্য ৰচনা কৰা।
চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।
উত্তৰঃ চিনাকি-অচিনাকি: চিনাকি-অচিনাকি সকলো মানুহকে ভাল ব্যৱহাৰ কৰিব লাগে।
অলীক-সপোন: কেৱল অলীক–সপোন দেখি হাত সাৱটি বহি থাকিলে কেতিয়াও সেই সপোন বাস্তৱত ৰূপান্তৰিত নহয়।
নাকে-মুখে: স্কুললৈ দেৰি হোৱাত নাকে-মুখে কোনোমতে ভাতকেইটা গুজি নিতুল স্কুললৈ বুলি ওলাই যায়।
পৰীক্ষা-নিৰীক্ষা: বহুতো পৰীক্ষা-নিৰীক্ষাৰ অন্তত ৰাতুলে পানী সিচা যন্ত্ৰটো চলাবলৈ সক্ষম হ্য়।
৯। অর্থ লিখা (অভিধান চাই):
ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।
উত্তৰঃ ক্ষতি – লোকচান।
বিজুতি – বিপদ।
গুণা-গঁথা – চিন্তা-চৰ্চা।
উদাস – অনীহা।
পুঞ্জীভূত – থুপ খাই থকা।
৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে ?
উত্তৰ : ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে WWW ৰ বিষয়ে জানিব পাৰিলে । ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা কিছুমান শব্দ যেনে— ৱেব পেজ ( Web pege ) , ৱেবচাইট ( Website ) , হােমপেজ ( Home page ) , ব্রাউজাৰ ( Browser ) আদিৰ বিষয়েও তাই ইণ্টাৰনেটৰপৰা আয়ত্ত কৰিবলৈ সক্ষম হয়।
তাই অনুভৱ কৰিলে যে সমগ্র বিশ্ব ব্রহ্মাণ্ডখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ আছে । কিয়নাে তাই যিটোৰ বিষয়ে জানিব বিচাৰে সেইটো কম্পিউটাৰৰ কি বৰ্ডত টাইপ কৰিলেই নিমিষতে পৃষ্ঠাজুৰি সেইবিষয়টোৰ বিৱৰণ চকুৰ আগত আহি পৰে ।
ইয়াৰােপৰি ই-মেইলৰ যােগেদি দেশ- বিদেশত থকা বন্ধু বান্ধৱীৰ লগত কথা পাতিব পৰা হ’ল । বন্ধু – বান্ধৱীসকলৰপৰা তেওঁলােকৰ দেশ ভ্ৰমণৰ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে এক ৰােমাঞ্চকৰ সােৱাদ লাভ কৰিলে।
৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে ?
উত্তৰঃ Virus ৰ সম্পূৰ্ণৰূপ হৈছে Vital information resources under seize . ই হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগেম । ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নােলােৱাকৈয়ে ভাইৰাচে এইবোৰ কাম সম্পাদন কৰিব পাৰে।
৬। ইন্টাৰনেটৰৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।
”কথাষাৰৰ বক্তা কোন ? ইন্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা ।
উত্তৰ : ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে ।’— কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ । ইণ্টাৰনেটৰপৰা আমি বহুত সুবিধা পাইছোঁ। আমি যিকোনাে এটা বিষয়ৰ ওপৰত জানিবলৈ হ’লে ইণ্টাৰনেটৰ সহায় ল’ব পাৰাে। কম্পিউটাৰৰ কি বৰ্ডত জানিব বিচৰা বিষয়টোৰ নাম টাইপ কৰাৰ লগে লগে নিমিষতে কম্পিউটাৰ স্ক্রীনত সেই বিষয়টোৰ বিবৰণ ওলাই পৰে । এনেদৰে ঘৰতে বহি দেশ- বিদেশৰ বিভিন্ন বা বাতৰি পাবলৈ সক্ষম হৈছোঁ।
ইয়াৰ উপৰিও মেইলৰ জৰিয়তে বিদেশৰ বন্ধু বান্ধৱীৰ লগত কথা পাতিব পাৰোঁ । ভিডিঅ কলৰ জৰিয়তে দূৰ – দূৰণিৰ বন্ধু-বান্ধৱীৰ লগত ইজনে সিজনক চাই কথা পাতিব পাৰোঁ। বিজ্ঞানৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰোঁ।
কোনাে ঠাইলৈ যাবলৈ হ’লে ঘৰত বহিয়েই আকাশীযান ৰে’ল বা বাছৰ চিকট কৰিব পাৰো আনকি আন ঠাইত থকা, খােৱা সুবিধাৰ বাবেও ঘৰত বহিয়েই হােটেল ঠিক কৰিব পাৰে। ইণ্টাৰনেট বেংকিঙৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানলৈ মুহূৰ্তৰ ভিতৰতে টকা পঠাব পাৰে।
ইমানবােৰ সুবিধা থকাৰ পিচতো কিন্তু ইণ্টাৰনেটৰ অসুবিধা নথকা নহয় । বহুতাে ল’ৰা – ছােৱালীয়ে মোবাইল তথা কম্পিউটাৰত থকা ভিডিঅ’ গেমৰ প্রতি এনেদৰে আকর্ষিত হৈ পৰিছে যে তেওঁলোকৰ পঢ়া শুনাৰ প্রতি অলপো মনোযােগ নাইকীয়া হৈ পৰা আমি দেখিবলৈ পাওঁ। বৰ্তমান ইণ্টাৰনেটে মানুহক ওচৰ – চুবুৰীয়া, আপােনজনৰপৰা আঁতৰাই আনিছে ।
বৰ্তমান সময়ত এইবােৰৰ উপৰি ফেচবুক (Facebook), ৱাটছএপ (WhatsApp) আদি ছচিয়েল মিডিয়াৰ (Social media) জগতখনত নতুন প্রজন্ম সােমাই পৰিছে । ফলত তেওঁলােক কিতাপৰ জগতখন পৰা আঁতৰি অহাই নহয় , খেলা- ধুলাৰ ফালেও সম্পূর্ণ পিঠি দিছে । মােবাইলত থকা ৱাটছএপ (WhatsApp), টুইটাৰ (Twitter), ইউটিউব (YouTube), ফেচবুক (Facebook) আদিৰ দ্বাৰা বহুতো ভুৱা বাতৰিও প্ৰচাৰ হয় । এজনে আনজনলৈ প্ৰেৰণ কৰা কিছুমান ভুৱা বাতৰিয়ে সমাজত ভয়ানক সমস্যাৰ সৃষ্টি কৰে । গতিকে দেখিবলৈ পোৱা যায় যে ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে ।
৭। ইণ্টাৰনেটৰ তিতা মিঠা’গল্পটোৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
উত্তৰ : ইণ্টাৰনেটৰ তিতা – মিঠা ’ — গল্পটোৰ লেখক হৈছে ড ° প্রণয়ী দত্ত । ড ° দত্তই গল্পটোৰ মাজেৰে ইণ্টাৰনেটৰ পৰা পােৱা সুবিধা আৰু অসুবিধাবােৰ বৰ সুন্দৰকৈ প্ৰকাশ কৰি দেখুৱাইছে । বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে কিছুমান ভাল আৰু বেয়া দিশ আছে । একেদৰে ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে কেতবোৰ তিতা অসুবিধাও আছে । ইন্টাৰনেটৰ পৰা পােৱা সুবিধা বহুত। ইণ্টাৰনেটৰ জৰিয়তে আমি যিকোনাে বিষয় এটাৰ সম্পূৰ্ণ বিৱৰণ ঘৰতে বহি কম্পিউটাৰত চাব পাৰাে । ই-মেইলৰ (, Email) জৰিয়তে দূৰ- দূৰণিৰ ঠাইলৈ নিমিষতে প্রয়ােজনীয় বা-বাতৰি পঠিয়াব পাৰোঁ । আপােনজনৰ লগত মুখামুখিকৈ বহি ভিডিঅ’ কল (video call) ত কথা পাতিব পাৰোঁ । কোনাে ঠাইলৈ যাবৰ বাবে ঘৰতে বহি বাছ, ৰে’ল বা আকাশীযানৰ টিকেট কৰিব পাৰোঁ।
গল্পটোৰ মাজেৰে গল্পকাৰে গল্পটোৰ মূল চৰিত্ৰ কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে লাভ কৰা এই সুবিধাবােৰৰ কথা সুন্দৰকৈ প্ৰকাশ কৰিছে । কিন্তু তাৰ মাজতে ইণ্টাৰনেট বেছিকৈ ব্যৱহাৰ কৰিবলৈ লােৱাৰ লগে লগে কুঁৱলীৰ মাজত হােৱা পৰিৱৰ্তনবােৰ আৰু কুঁৱলীৰ আত্ম উপলব্ধি, শ্বাৱনা বাইদেউৰ বিশ্লেষণ আদিৰ মাজেৰে ইণ্টাৰনেটৰ পৰা পােৱা তিতা অসুবিধাবোৰাে প্ৰকাশ কৰিছে ।
শ্বৱনা বাইদেৱে কুঁৱলীক ইণ্টাৰনেটৰ অসুবিধাৰ কথা বুজাই কৈছে যে- বৰ্তমান সময়ত কিছুমান ল’ৰা ছোৱালীয়ে ইন্টাৰনেটৰ গেমৰ প্রতি অতি বেছি আকর্ষিত হৈ পঢ়া – শুনাৰ প্ৰতি মনােযােগ কমাই দিছে । ওচৰ – চুবুৰীয়া আৰু আপােনজনৰ লগত হাঁহি-মাতি কথা এষাৰ পাতিবলৈ মানুহ সময় নােহােৱা হৈছে ।
ফেচবুক (Facebook), ওৱাটএপ (WhatsApp), আদি চচিয়েল মিডিয়াৰ জগতখনত ল’ৰা – ছােৱালী এনেদৰে সােমাই পৰিছে যে তেওঁলােকে গ্রন্থ অধ্যয়ন, খেলা – ধূলা আদিৰ পৰা প্ৰায় আঁতৰি অহাৰ দৰে হৈছে । তদুপৰি ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা উৰাবাতৰিয়ে ভয়ানক সমস্যাৰ সৃষ্টি কৰিছে ।
শ্বৱনা বাইদেউৰ এইখিনি কথা শুনাৰ পাছত কুঁৱলীয়ে নিজৰ ভুল বুজি পাইছে ।
এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইণ্টাৰনেটৰ তিতা – মিঠা হিচাপে গল্পটোৰ নামকৰণ সার্থক হৈছে ।
৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা ।
উত্তৰঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ শৈক্ষিক , মানসিক , শাৰীৰিক আদি সকলাে দিশতে প্রভাৱ পেলাব পাৰে ।
অধিক সময় ইণ্টাৰনেট ব্যৱহাৰৰ ফলত শিক্ষার্থীসকল অধ্যয়নৰ প্ৰতি অমনােযােগী হৈ পৰে । অধ্যয়নে জ্ঞান বৃদ্ধি কৰাৰ লগতে কল্পনা শক্তিৰ বিকাশ ঘটায় । ফলত শিক্ষার্থীসকলৰ সৃষ্টিশীলতা বৃদ্ধি পায় । কিন্তু ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰৰ ফলত ছাত্র – ছাত্রীসকলে গ্রন্থৰ জগতখনৰ লগত নিজৰ সম্বন্ধ বহু পৰিমাণে কমাই আনিছে । ফলত তেওঁলােকৰ মানসিক তথা শৈক্ষিক বিকাশত বাধা আহি পৰিছে ।
ফেচবুক , ওৱাটএপ আদি ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰ তথা সেইবােৰত প্ৰচাৰিত উৰাবাতৰি অন্ধবিশ্বাস আদিয়ে সমাজত বহুতো সমস্যাৰ সৃষ্টি কৰিছে । ছাত্র – ছাত্রীসকলৰ ওপৰতো তাৰ প্ৰভাৱ পৰিছে ।
অনবৰতে ইণ্টাৰনেট চাই থাকিলে সিয়ে আমাৰ চকুৰ ওপৰত বেয়া প্ৰভাৱ পেলায় । কম বয়সতে দৃষ্টি শক্তি কমি যাব পাৰে । ইয়াৰ উপৰিও খেলা – ধূলা স্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় । আগতে শিক্ষার্থীসকলে সময় পালেই ফুটবল , বল , ভলিবল , বেডমিন্টন আদি খেলবােৰ খেলিছিল ।
যাৰদ্বাৰা তেওঁলােকৰ শাৰীৰিক কচৰৎ হৈছিল । কিন্তু এতিয়া দেখা গৈছে যে শিক্ষার্থীসকলে সময় পালেই নিজৰ মােবাইল বা কম্পিউটাৰত ব্যস্ত থাকে । ফলত তেওঁলােকৰ বাহিৰত খেলা – ধূলা নােহােৱা হ’ল ।
আকৌ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীক আত্মীয় – স্বজন , ওচৰ – চুবুৰীয়া আৰু বন্ধু – বান্ধৱৰপৰাও বহুখিনি আঁতৰাই আনিছে । তেওঁলােকক আত্মকেন্দ্রিক কৰি তুলিছে । গতিকে দেখা যায় যে ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ – ছাত্ৰীৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পেলায় ।